নেতাৰ ভাষণে প্ৰাণ ল’লে ১১শ্ৰোতাৰ

Share This Article

মহাৰাষ্ট্ৰৰ ঘটনা। দেওবাৰ, ১৬ এপ্ৰিল। মহাৰাষ্ট্ৰত বিশাল আয়োজনেৰে অনুষ্ঠিত কৰা হৈছে মহাৰাষ্ট্ৰ ভূষণ বঁটা প্ৰদান অনুষ্ঠান। লাখ-লাখ মানুহৰ সমাগম।মানুহক অনুষ্ঠানলৈ অনাত অকণো কাৰ্পণ্য কৰা নাছিল। মানুহও আহিছিল হিলদল ভাঙি। মুকলি আকাশৰ তলত চৰকাৰী অনুষ্ঠান। কোনোধৰণৰ পেণ্ডেল নাই। মানুহ অনুযায়ী পৰ্যাপ্ত পানীৰ ব্যৱস্থাও নাই। লাহে-লাহে উত্তাপ বাঢ়ি আহিল। দেওবাৰৰ দিনটোত মহাৰাষ্ট্ৰৰ তাপমাত্ৰাই চুলে ৩৮ ডিগ্ৰী চেলচিয়াছৰ ঘৰ। গৰম অনুভূত হ’ল ৪৮ ডিগ্ৰী চেলচিয়াছতকৈও অধিক। প্ৰচণ্ড গৰমত হ’ল হিট ষ্ট্ৰ’ক। পেণ্ডেল বিহীন সভাথলীত ইজনৰ পাছত সিজন মানুহ বাগৰিবলৈ ধৰিলে। ঘটনাস্থলীতে মৃত্যু হ’ল ১১ জনকৈ লোকৰ। হিট ষ্ট্ৰ’কৰ ফলত ৬০০তকৈ অধিক লোকক হাস্পতালত ভৰ্তি কৰিবলগীয়া হ’ল।এতিয়াও গুৰুতৰভাৱে চিকিৎসাধীন ৫০ জনকৈ ব্যক্তি। নিহতসকলৰ পৰিয়ালৰ প্ৰতি ৫ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে মহাৰাষ্ট্ৰৰ একনাথ সিন্দে চৰকাৰে। আৰু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া বিতৰ্কত নাম সাঙোৰ খাই পৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। কাৰণ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উদ্যোগত মহাৰাষ্ট্ৰ চৰকাৰে আয়োজন কৰিছিল ভূষণ বঁটা প্ৰদান অনুষ্ঠান। ধৰ্মগুৰুসকলক সন্মান জনাবলৈ আয়োজন কৰা হৈছিল এই ভূষণ বঁটা প্ৰদান চৰকাৰী অনুষ্ঠানৰ। দেওবাৰে দিনৰ ১১ বজাৰ পৰা দুপৰীয়া ১ বজালৈকে চলিছিল অনুষ্ঠান। কিন্তু এই অনুষ্ঠানৰ ভিৰ বঢ়াবলৈ মানুহক সমবেত কৰা হৈছিল প্ৰায় পুৱাৰ ভাগৰে পৰা। আৰু এনেকৈয়ে প্ৰায় ৬ ঘণ্টা সময় একেৰাহে থিয় হৈ প্ৰচণ্ড গৰমত ঢলি পৰিছিল ইজনৰ পাছত সিজনকৈ মানুহ। পিঁয়াহত আতুৰ হৈ পৰা মানুহৰ বাবে নাছিল হেনো এটুপি পৰ্যাপ্ত পানীও। আৰু এই ঘটনাৰ পাছতেই মহাৰাষ্ট্ৰৰ ৰাজনীতিও ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে। গৰমে মানুহক দহি থকাৰ সময়তে মহাৰাষ্ট্ৰৰ ৰাজনীতিও ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.