নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস- হীৰক জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান সম্পন্ন

Share This Article

বোকাখাত মহকুমাৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সোমবাৰে বিদ্যালয়খনৰ হীৰক জয়ন্তী বৰ্ষৰ আৰম্ভণি অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয়। ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা শুভাকাংক্ষী ৰাইজৰ সমাগমত লোকে-লোকাৰণ্য হৈ পৰে বিদ্যালয় চৌহদ।উল্লেখ্য যে ১৯৬৩ চনৰ ২ জানুৱাৰীত প্ৰতিষ্ঠা লাভ কৰা নুমলীগড়ৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ে প্ৰতিষ্ঠাৰ ৬০ বৰ্ষত উপনীত হোৱাত আজি বিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হীৰক জয়ন্তী বৰ্ষৰ বছৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। দিনজোৰা কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত ছাত্র-ছাত্ৰীসকলে আৰ্হি প্ৰদৰ্শন, তথ্যচিত্ৰ প্ৰদৰ্শন, সাংস্কৃতিক অনুষ্ঠানৰ লগতে প্ৰীতি ফুটবল আদি সুচাৰুভাৱে ৰূপায়ণ কৰি এক উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি কৰে। একেদৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰকাশ কৰি উলিওৱা ১৩ খনকৈ হাতেলিখা আলোচনী উন্মোচন কৰা হয়। ইপিনে বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী সংগীতা শইকীয়া ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত উদ্বোধনী ভাষণ আগবঢ়ায় গোলাঘাট জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক ড০ সমীৰণ বৰাই। অনুষ্ঠানত মুখ্য-অতিথিৰূপে উপস্থিত থাকে কৃষিমন্ত্ৰী অতুল বৰা। মন্ত্ৰী অতুল বৰাই ভাষণ প্ৰসংগত কয় যে ছাত্ৰ-ছাত্ৰী সকলে কেৱল পাঠ্যপুথিৰ শিক্ষাই মানুহ কৰি তুলিব নোৱাৰে।পাঠ্যপুথিৰ সমান্তৰালকৈ সাম্প্ৰতিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত বিকাশৰ সৈতে খোজ মিলাই চলিব পৰাকৈ ছাত্ৰ-ছাত্ৰী সকলক প্ৰস্তুত কৰিব লাগিব। তদুপৰি মন্ত্ৰীজনে গোলকীয় উষ্ণতাৰ ফলত পৰিৱৰ্তিত জলবায়ুৱে কৃষি ক্ষেত্ৰত বিশেষভাৱে প্ৰভাৱিত কৰে বুলিও মন্তব্য কৰে। সভাত নিৰ্দিষ্টবক্তাৰূপে গোলাঘাট জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক ফটিক গগৈয়ে অংশগ্ৰহণ কৰে। একেদৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক লক্ষেশ্বৰ বৰা, প্ৰাক্তন ছাত্ৰ থানেশ্বৰ বৰা, ফণীধৰ হাজৰিকা, অনিল বৰাকে আদি কৰি গণ্যমান্য ব্যক্তি সকলেও অংশগ্ৰহণ কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.