নিৰ্জন দ্বীপত এগৰাকীয়েই মহিলা …

Share This Article

এটা নিৰ্জন দ্বীপ ।দ্বীপটোত মাত্ৰ এগৰাকী মহিলা।নাই কোনো খেদ,নাই কোনো ভয়।তেওঁৰ নিজস্ব মত !সকলোতকৈ সুখী তেওঁ!কিন্তু কেনেকৈ?মহিলাগৰাকীৰ বিষয়ে জানিলে চকু কপালত উঠিব আপোনাৰ!

চাওক আমাৰ এই প্ৰতিবেদন…

নাম তেওঁৰ জিউলীয়া মানকা !ঘৰ ইটালীত ।মাত্ৰ এটা সপ্তাহৰ অৱসৰ যাপনৰ বাবে গৈছিল এটা দ্বীপলৈ।কিন্তু তালৈ গৈ তেওঁ ইমানেই দ্বীপটোৰ পৰিবেশৰ প্ৰতি আকৃষ্ট হ’ল যে তেওঁ আৰু তাৰ পৰা উভতি অহাৰ কথা নাভাবিলে।দ্বীপটোৰ নাম পিয়ানোচা,এই দ্বীপটোক ভূতৰ দ্বীপ বুলিও জনা যায়৷এই দ্বীপটোত এগৰাকীয়েই মহিলা।জিউলিয়াই দ্বীপটোত কিয় অকলে থকাৰ সিদ্ধান্ত ল’লে?তাৰো আছে এটা সুকীয়া কাহিনী।এই দ্বীপটোত ঘাইকৈ ইটালীৰ বন্দীসকলক ৰখা হয়।চনটো আছিল ২০১১,পিয়ানোচাত মাত্ৰ এখন হোটেল আছে।হোটেল খনৰ নাম হোটেল মিলেনা। তেওঁ প্ৰথমবাৰৰ বাবে গৈ সেই হোটেল খনতেই আছিল।আশ্চৰ্যজনক বিষয়টো হ’ল হোটেলখনত কাম কৰা প্ৰতিগৰাকী লোকেই অপৰাধী।সেই অপৰাধী কেইজনেই হোটেলখনৰ সকলো কাম চোৱাচিতা কৰে।অপৰাধ কৰাৰ পিছত মূল সুঁতিলৈ ঘূৰি আহিবলৈ তেওঁলোকক হোটেলখনত বিভিন্ন দায়িত্ব দিয়া হয়।জিউলিয়াই হোটেলখনত কৰ্মৰত লোকসকলৰ বিষয়ে জানি অত্যন্ত সুখী হৈছিল।অপৰাধীক দ্বিতীয়বাৰৰ বাবে স্বাভাৱিক জীবন যাত্ৰাৰ সুযোগ দিয়া ব্যৱস্থাটোক লৈ অত্যন্ত সুখী হয় জিউলিয়া।জিউলিয়া দ্বীপটোত মানে হোটেলখনত থকা ১২বছৰ সম্পূৰ্ণ হ’ল।জিউলিয়া হোটেলখনৰ মেনেজাৰ৷তেওঁ যেতিয়া দ্বীপটোলৈ ফুৰিবলৈ গৈ হোটেলখনত আছিল তাৰ মেনেজাৰ জনে যিকোনো মুৰ্হুততে হোটেলখন ধনৰ অভাৱত বন্ধ হৈ যাব পাৰে বুলি জনাইছিল।হোটেল খন বন্ধ হৈ গ’লে অপৰাধীবোৰ পুনৰ জে’ললৈ যাব লাগিব আৰু তেওঁলোকে মূলসুঁতিলৈ ঘূৰি অহাৰ সুযোগ হেৰুৱাব।ইয়াৰ পিছত জিউলিয়াই তাতেই একেবাৰে থকাৰ সিদ্ধান্ত ল’লে।প্ৰথম অৱস্থাত তেওঁ কোনো দৰমহা লোৱা নাছিল।কিন্তু এতিয়া হোটেলখন লাভত চলি আছে৷হোটেলখনত এজন নিৰাপত্তা ৰক্ষী আছে।আন ১০ গৰাকী অপৰাধীয়ে তাত বিভিন্ন সেৱা আগবঢ়ায়।এই অপৰাধীবোৰৰ কেইজনমানে হোটেলৰ বাগিচাত,ৰন্ধাবঢ়া,হোটেল পৰিস্কাৰ কৰা আদি কামত নিয়োজিত হৈ আছে।হোটেল খনত মুঠ ১১টা কোঠা আছে৷হোটেলখনৰ ফাৰ্ণিচাৰবোৰ কাঠৰ৷ শাৰী শাৰী পাইনে হোটেল খনৰ সৌন্দৰ্য বৃদ্ধি কৰিছে।হোটেলখনত এখন ৰেষ্টুৰেণ্ট আৰু এখন বাৰ আছে।বাৰ্থডে আৰু বিবাহ বাৰ্ষিকীৰ পাৰ্টি অনুষ্ঠিত কৰাৰ সুবিধা আছে হোটেলখনত।জিউলিয়াক পিয়ান’ৰ ৰাণী বুলি সকলোৱে জানে।জিউলিয়া নিজৰ কামক লৈ সুখী।জিউলিয়াৰ কন্যায়ো প্ৰথম অৱস্থাত ইয়াৰ বিৰোধিতা কৰিছিল।কিন্তু তেওঁ তেওঁৰ মাকক লৈ এতিয়া সুখী।জিউলিয়াই অৱশ্যে নিজৰ অভিজ্ঞতাৰ বিষয়ে কয় ‘ মই বৰ সৌভাগ্যৱান ।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.