নিযুক্তিৰ নামত ভয়ংকৰ কেলেংকাৰী বিজেপিৰ !

Share This Article

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনত চৰকাৰ গঠন কৰিয়েই দুৰ্নীতিমুক্ত ভাৰত গঢ়াৰ প্ৰতিশ্ৰুতি দিছিল।বিজেপি শাসিত ৰাজ্যবোৰ
তো চলিছিল দুৰ্নীতি বিৰোধী শ্লোগান৷’না খাওংগা,না খানে দুংগা’ এইয়া কেৱল মোডী চৰকাৰৰ যে শ্লোগানহে আছিল ,সেয়া স্পষ্ট হৈছে হিমাচল প্ৰদেশত।হিমাচল প্ৰদেশত বিগত ডিচেম্বৰ মাহত অনুষ্ঠিত নিৰ্বাচনত ক্ষমতালৈ আহে কংগ্ৰেছ দল।ইয়াৰ আগৰ ৫ বছৰত ৰাজ্যখনৰ শাসনত আছিল জয়ৰাম ঠাকুৰ নেতৃত্বাধীন বিজেপি চৰকাৰ৷জয়ৰাম ঠাকুৰ নেতৃত্বাধীন  বিজেপি চৰকাৰৰ দিনত নিয়োগৰ ক্ষেত্ৰত হৈছিল ব্যাপক অনিয়ম৷SSC ৰ প্ৰশ্ন কাকত মুকলিকৈ বিক্ৰীৰ অভিযোগ তুলিছে বৰ্তমানৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে।
হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে হিমাচল প্ৰদেশৰ ষ্টাফ চিলেকচন কমিছনৰ সকলো বিষয়াক আঁতৰাই নতুনকৈ কমিটি গঠনৰ সিন্ধান্ত লয়।উল্লেখ্য যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ চাকৰিৰ নিয়োগৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি হোৱাৰ কথা মুখ্যমন্ত্ৰীয়ে নিজেই স্বীকাৰ কৰিছিল।মুখ্যমন্ত্ৰী সুখুই কয় যে SSC ত ব্যাপক দুৰ্নীতি হৈছে আৰু কোনো পুৰণি কৰ্মচাৰীক এই নতুনকৈ গঠন হ’বলগীয়া আয়োগত ৰখা নহ’ব।আনকি নতুন কৰ্মচাৰীৰ ক্ষেত্ৰতো একেবাৰে স্থায়ীভাৱে নিযুক্তি প্ৰদান কৰা নহ’ব।মুখ্যমন্ত্ৰী সুখুৱে কয় ‘ চৰকাৰে চানান কমিটি গঠন কৰি দিছে।এই কমিটিখনে ৩ মাহৰ ভিতৰত কোন কোন লোকক লৈ কমিচন গঠন কৰা হ’ব তাৰ পৰামৰ্শ দিব।তাৰ ভিত্তিতেই সম্পূৰ্ণ পৰীক্ষা নিৰীক্ষা কৰিহে এই কৰ্মচাৰী সকলক নিযুক্তি দিয়া হ’ব।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.