Investigative reporting with dedication.

যোগীৰ ৰাজ্যত হৈছে কি?অপৰাধীৰ নিশাই স্বাস্থ্য পৰীক্ষা কৰোৱাটো কিমান জৰুৰী?সঁচাকৈয়ে মাজ নিশা আটিকহঁতক লৈ যোৱাটো জৰুৰী আছিল নে?কিয় আক্ৰমণকাৰীৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণ নকৰিলে আৰক্ষীয়ে?আক্ৰমণকাৰীয়ে আগতীয়াকৈ আটিকহঁতৰ স্থিতিৰ বিষয়ে জানিছিল নেকি ? হত্যাকাৰী কেইজনে কিয় ইমান হাইপ্ৰফাইল হত্যাকাণ্ডৰ পৰিকল্পনা কৰাৰ সাহস কৰিছিল?কাৰ আশীষ ধন্য আছিল হত্যাকাৰী?
উত্তৰ প্ৰদেশৰ আটিক -আশ্ৰফৰ হত্যাকাণ্ডই বহুবোৰ কথাই যেন কৈ গ’ল !লগতে এই হত্যাকাণ্ডই সৃষ্টি কৰিলে বহুবোৰ নতুন প্ৰশ্নৰ !উমেশ পাল নামৰ এজন ব্যক্তিৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত আটিক আৰু আশ্ৰফ নামৰ ব্যক্তি দুজনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।সম্পৰ্কত দুয়ো ককাই-ভাই আছিল আৰু শনিবাৰে মাজ নিশা স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়াৰ পথত শূণ্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল সাংবাদিকৰূপী ৩ দুৰ্বৃত্তই।দুটা সপ্তাহত আটিকহঁতক দ্বিতীয়বাৰৰ বাবে অনা হৈছিল ন্যায়ালয়লৈ।ইতিমধ্যে আটিক-আশ্ৰফৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।ইয়াৰ তদন্তৰ বাবে এক তিনিজনীয়া সমিতি গঠন কৰিছে উত্তৰ প্ৰদেশ প্ৰশাসনে।আটিক আহমেদ আৰু আশ্ৰফ আহমেদৰ এই হত্যাকাণ্ডক লৈ তোলপাৰ লাগিছে দেশৰ ৰাজনীতি !এগৰাকী ৫ বাৰৰ বিধায়কৰ অপৰাধী মানসিকতায়ো যোগী আদিত্যনাথৰ ৰাজ্যত মাফিয়াৰাজৰ যে বিগত ৬ টা বছৰতো অন্ত পৰা নাই সেইটো স্পষ্ট কৰিছে বুলি বিৰোধীয়ে সমালোচনা কৰিছে।
এই হত্যাকাণ্ডত সুৰুঙা আছিল নেকি?হত্যাকাৰী কিয় পলাই যোৱা নাছিল?নাম-যশৰ বাবে কৰিছিল নেকি এই হত্যা?আৰক্ষীক কিয় লক্ষ্য কৰি লোৱা নাছিল হত্যাকাৰীয়ে?আৰক্ষীয়ে একো নকৰে বুলি জানিছিল নেকি হত্যাকাৰীয়ে?হত্যাকাৰীয়ে ইমান উন্নত অস্ত্ৰ ক’ত পাইছিল?কোনে যোগান ধৰিছিল এই অস্ত্ৰ শস্ত্ৰৰ?৩গৰাকী হত্যাকাৰীক কোনে তাত একেলগে থৈ গৈছিল?
ক’ত পাইছিল সাংবাদিকৰ পৰিচয় পত্ৰ?এনেকুৱা বহুবোৰ প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছে উত্তৰ প্ৰদেশৰ গৃহ বিভাগ।২০০৫ চনৰ উমেশ পাল হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল আটিক আহমেদ আৰু আশ্ৰফ আহমেদ।




