নিজৰ মন্ত্ৰীৰ পিছতো মোডী-শ্বাহৰ চোৰাংচোৱা !

Share This Article

বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ মূল বঠা ধৰোঁতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁলোকৰ মন্ত্ৰীসভাৰ কাকোৱেই বিশ্বাসত নোলোৱাৰ দৰে এক পৰিস্থিতিৰ সৃষ্টি হৈছে৷এই অভিযোগ আমাৰ নহয়,এই অভিযোগ কংগ্ৰেছ নেতা তথা মুখপাত্ৰ পৱন খেৰাৰ।সোমবাৰে দিল্লীত দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি পৱন খেৰাই কয় ‘ দেশত বৰ্তমান দুগৰাকী চোৰাংচোৱা আছে৷সেই চোৰাংচোৱা দুজনে নিজৰ মন্ত্ৰীকো বিশ্বাস নকৰে।সেয়ে তেওঁলোকে এক নতুন স্পাইৱেৰ ক্ৰয় কৰিছে৷ইয়াৰ নাম কগনাইট৷ই হ’ল পেগাচাচৰ বিকল্প৷এই স্পাইৱেৰৰ নামত আপোনাৰ মোৰ পৰা কৰ হিচাপে সংগ্ৰহ কৰা ৰাজহৰ মুঠ ৯৮৬ কোটি ব্যয় হ’ব।এই ধন এই স্পাইৱেৰ ক্ৰয় আৰু ইয়াক ব্যৱহাৰৰ প্ৰশিক্ষণৰ নামত ব্যয় কৰা হ’ব।’কংগ্ৰেছ নেতাগৰাকীয়ে পুনৰ কয় যে এইখন দেশত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত গণতন্ত্ৰৰ বিষয়ে চৰ্চা কৰাটোক অপৰাধ হিচাপে গণ্য কৰা হয় কিন্তু কেম্ব্ৰিজ এনালিটিক ব্যৱহাৰ কৰি নিৰ্বাচনত জয়ী হোৱাটোক দেশপ্ৰেম হিচাপে গণ্য কৰা হয়।আমেৰিকান ল’ চেণ্টাৰৰ উদ্ধৃতি দি খেৰাই কয় পেগাচাচৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব খোজা কগনাইট দেশৰ সাংবাদিক,নিৰপেক্ষ ৰাজনৈতিক বিশ্লেষক,বিৰোধী আৰু মানৱ অধিকাৰ কৰ্মীৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হ’ব৷২০১৯ চনত পেগাচাচৰ সহায় লৈ বিজেপি ক্ষমতালৈ অহা বুলি সমালোচনা কৰি কংগ্ৰেছ নেতা গৰাকীয়ে কয় যে ২০২৪ চনত কগনাইটৰ সহায় লৈ নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ লক্ষ্য লৈছে বিজেপিয়ে।কংগ্ৰেছ নেতাগৰাকীয়ে পুনৰ কয় যে নতুন স্পাইৱেৰটো মোডী চৰকাৰৰ কোনটো মন্ত্ৰালয়ে ক্ৰয় কৰিছে ,ক’ত ব্যৱহাৰ কৰিব এই তথ্য শীঘ্ৰেই ৰাজহুৱা কৰা উচিত !

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.