নাড্ডাৰ বাৰ্তা লৈ ডিব্ৰুগড়ত বিজেপি সভাপতি

Share This Article

২৪ৰ নিৰ্বাচনৰ কুচকাৱাজ লৈ ডিব্ৰুগড়ত বিজেপিৰ ৰাজ্যিক সভাপতি।২৪’ৰ নিৰ্বাচনৰ কুচকাৱাজ ডিব্ৰুগড়ত আৰম্ভ বিজেপিৰ ৰাজ্যিক সভাপতিৰ। গুজৰাট মডেলত এইবাৰ অসমত নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব। জে পি নাড্ডাই বিজেপিৰ নেচনেল একজিউকিটিভ কাউঞ্চিলৰ সভাত এই আগ্রহ প্ৰকাশ কৰিছিল।এই আহ্বান লৈ ডিব্ৰুগড়ত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ দলৰ তৃণমূল কৰ্মীক লৈ আৱৰ্ত ভৱনত সভা।নাড্ডাৰ আগ্রহ অনুযায়ী জিলা সমিতি, মণ্ডল সমিতি ,বুথ পৰ্যায়ৰ কৰ্মীৰ মাজত এতিয়াৰে পৰা সম্পর্ক আৰু অধিক উন্নত কৰাৰ প্ৰয়াস কৰা হ’ব। ২৪ৰ নিৰ্বাচনৰ বাবে এই প্ৰস্তুতি।ডিব্ৰুগড়ৰ পাছতে নাহৰকটীয়াৰ অভিভাৱক হিচাপে দ্বায়িত্বত থকা ভৱেশ কলিতাই নাহৰকটীয়াতো বুথ কমিটিৰ কৰ্মীৰে বৈঠকত মিলিত হ’ব।ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনৰ সভাত ডিব্ৰুগড়ৰ জিলা সভাপতি জগদীশ ৰাজখোৱা সহ জিলা ,মণ্ডল, বুথ পৰ্যায়ৰ ভালেমান কৰ্মী উপস্থিত থাকে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.