নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা । এজন ব্যক্তিক খুন্দা তীব্ৰবেগী বাহন হাইড্ৰাৰ ।

Share This Article

শোকাৱহ !! ৰাস্তাৰ দাতিত এখন দোকানৰ সন্মূখত থিয় হৈ আছিল এজন ব্যক্তি।তীব্ৰবেগী এখন হাইড্ৰা বাহনে মহতিয়াই নি গুৰুতৰভাৱে কৰিলে আহত।চিকিৎসালয়লৈ নি থকা অৱস্থাত আদবাটতে মৃত্যুক সাৱটিলে ব্যক্তিজনে।নলবাৰীৰ ঘগ্ৰাপাৰ-দামোদৰধাম পথৰ দতৰাত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।ব্যক্তিজনৰ নাম বাপন কলিতা।ঘৰ ধনৰাত।বাপন কলিতা দতৰা গাঁ‌ও পঞ্চায়তৰ বিজেপি দলৰ পৰা নিৰ্বাচিত এজন সদস্য আছিল।উল্লেখ্য যে দূৰ্ঘটনা সংঘটিত কৰা হাইড্ৰা গাড়ীখন নলবাৰীৰ দক্ষিণগাঁ‌ওত নিৰ্মীয়মাণ অৱস্থাত থকা নলবাৰী মেডিকেল কলেজৰ নিৰ্মাণকাৰী সংস্থা গৌতম কনষ্ট্ৰাকচনে কৰি আছিল ব্যৱহাৰ।দূৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে হাইড্ৰা গাড়ীখনৰ চালক।ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি।পৰিস্থিত নিয়ন্ত্ৰণ কৰিবলৈ মোতায়েন আৰক্ষী-অৰ্ধসামৰিক বাহিনী।ইফালে মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বাপন কলিতাৰ মৃতদেহ।স্মৰ্তব্য যে ইয়াৰ পূৰ্বেও গৌতন কনষ্ট্ৰাকচনৰ মইমতালিৰ বাবে প্ৰাণ গৈছিল এজনৰ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.