নলবাৰীত একাংক নাট প্ৰতিযোগিতা

Share This Article

আৰম্ভ হ’ল প্ৰসন্ন নাৰায়ণ চৌধুৰী সদৌ অসম একাংক নাট প্ৰতিযোগিতা।নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত ৩৩ সংখ্যক এই নাট প্ৰতিযোগিতা বুধবাৰে সন্ধিয়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰে যশস্বী অভিনেত্ৰী মৃদুলা বৰুৱাই।নলবাৰী নাট্য মন্দিৰত নাট পৰিচালনা সমিতিৰ সভাপতি তথা সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত অংশ লৈ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই মাধ্যম আন্দোলনৰ কৰ্ণধাৰ প্ৰসন্ন নাৰায়ণ চৌধুৰীক সোঁ‌ৱৰণ কৰে।শংকৰজ্যোতি বৰুৱাই অসমীয়া মাধ্যম জীয়াই থাকিবলৈ হলে চৰকাৰী মাধ্যম জীয়াই থাকিবই লাগিব বুলি মন্তব্য কৰে।উল্লেখ্য যে এই তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ২১ টা নাট্য দলে অংশগ্ৰহণ কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.