নগাঁৱৰ মহিলা পালেগৈ পাকিস্তানৰ জে’ল

Share This Article

নগাঁৱৰ ডিমৰুগুৰিৰ নৰ্ত্তম বালিভুঁই পানীগাঁৱৰ মহিলা গৰাকী বিয়া হৈছিল নগাঁৱৰ বৰবজাৰৰ এগৰাকী ব্যৱসায়ীৰ লগত ।স্বামীৰ মৃত্যুৰ পিছত অন্য এজন ব্যক্তিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ পলায়ন কৰিছিল বহিঃৰাষ্ট্ৰলৈ।বৈধ ভ্ৰমণ নথি-পত্ৰ নথকাৰ বাবে বৰ্তমান পাকিস্তানৰ জেলত বন্দী হৈ আছে মহিলা গৰাকী ।২৬ নবেম্বৰৰ পৰা বন্দী হৈ আছিল পাকিস্তানৰ জেলত।ৱাহিদা বেগমৰ স্বামী আছিল মহম্মদ মহছিন খান। স্বামীৰ মৃত্যুৰ পাছত উত্তৰাধিকাৰী সূত্ৰে পাইছিল ১ কোটি ৬০ লাখ টকাৰ সম্পত্তি। ১০ নৱেম্বৰত নগাঁৱৰ পৰা সন্ধানহীন হৈছিল ৱাহিদা।৩০ নৱেম্বৰত পাকিস্তানৰ এটা অচিনাকি নম্বৰৰ পৰা ফোন আহে মাতৃ আৰিফা খাতুনলৈ।পাকিস্তানৰ অধিবক্তাই ৱাটছএপত প্ৰেৰণ কৰিছে আইনী জাননীৰ প্ৰতিলিপি। পাকিস্তানস্থিত ভাৰতীয় দূতাৱাসলৈও আইনী জাননী প্ৰেৰণ।পাকিস্তানৰ কাৰাগাৰত আবদ্ধ অসমৰ যুৱতী। নগাঁৱৰ যুৱতীগৰাকী সম্প্ৰতি বন্দী হৈ আছে পাকিস্তানৰ জে’লত। পাকিস্তানত গ্ৰেপ্তাৰ হৈছিল ৱাহিদা বেগম। ন্যায় বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে ৱাহিদাৰ মাতৃ। ৱাহিদা বেগমৰ স্বামী আছিল মহম্মদ মহছিন খান। স্বামীৰ মৃত্যুৰ পাছত উত্তৰাধিকাৰী সূত্ৰে পাইছিল ১ কোটি ৬০ লাখ টকা। ১০ নৱেম্বৰত নগাঁৱৰ পৰা সন্ধানহীন হৈছিল ৱাহিদা।৩০ নৱেম্বৰত পাকিস্তানৰ এটা অচিনাকি নম্বৰৰ পৰা ফোন আহে মাতৃ আজিফা খাতুনলৈ। পাকিস্তানৰ অধিবক্তাই ৱাটছএপত প্ৰেৰণ কৰিছে আইনী জাননীৰ প্ৰতিলিপি।পাকিস্তানস্থিত ভাৰতীয় দূতাৱাসলৈও আইনী জাননী প্ৰেৰণ।অসম আৰক্ষীৰ পৰা সহায় নাপাই মাতৃ কাষ চাপে অধিবক্তা সন্তোষ সুমনৰ। ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ আৰু ভাৰতস্থিত পাকিস্থান দূতাৱাসৰ দ্বাৰস্থ হৈয়ো বিফল অধিবক্তা। কোনো এটা সংস্থাৰ পৰা সুদুত্তৰ নোপোৱাত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ভুক্তভোগীৰ পৰিয়াল।কাইলৈ গোচৰটো সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ত হ’ব শুনানি।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.