নগাঁৱত বেডমিণ্টন টুৰ্নামেণ্ট

Share This Article

নগাঁও চহৰৰ ইছলামপট্টিত আৰম্ভ হৈছে দুদিনীয়া বেডমিন্টন টুৰ্ণামেণ্ট । অন্যতম সামাজিক অনুষ্ঠান পায়’নিয়াৰ গ্ৰুপৰ উদ্যোগত ৰাজপত্ৰিত বিষয়া তথা সুদক্ষ শ্বাটলাৰ প্ৰয়াত হিমাংশু জ্যোতি নাথৰ সোঁৱৰণত অনুষ্ঠিত হোৱা এই টুৰ্ণামেণ্টখনত ৩২ টাকৈ দলে অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে । নৈশালোকত অনুষ্ঠিত হোৱা ১৮ বছৰৰ উৰ্দ্ধৰ এই প্ৰাইজমাণি টুৰ্ণামেণ্টখনৰ বিজয়ী দলক ১০,০০১ টকা আৰু বিজিত দলক ৫,০০১ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ’ব । এই টুৰ্ণামেণ্টখনৰ মঙলবাৰৰ নিশাৰ উদ্ধোধনী অনুষ্ঠানত অন্যান্য সকলৰ লগতে পায়’নিৰ গ্ৰুপৰ সভাপতি হাদিউল আলম আৰু সম্পাদক শ্বৰফৰাজ হুছেইনো উপস্থিত থাকে । বিদূষী মহিলা ধণ্টিপ্ৰভা দেৱীয়ে উদ্ধোধন কৰা টুৰ্ণামেণ্টখনৰ প্ৰথমটো নিশাৰ খেল পৰিচালনা কৰে জয়ন্ত দাস আৰু শ্বৰফৰাজ হুছেইনে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.