ধৰ্মই চুলে মণিপুৰকো !

পুনৰ জ্বলিছে উত্তৰ পূবৰ অন্যতম ৰাজ্য মণিপুৰ।বিগত ৩ মে’ত উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতিয়ে প্ৰাণ ল’লে প্ৰায় ৭৩ গৰাকী লোকৰ।মেইতেই জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা দিয়াৰ বিষয়টোক কোনো কাৰণতে মানি ল’ব খোজা নাই কুকিকে ধৰি আন জনজাতীয় লোকসকলে। মণিপুৰৰ ৬৪% লোকেই মেইতেই সম্প্ৰদায়ৰ৷তুলনামূলকভাৱে মেইতেই জনগোষ্ঠীৰ লোকসকল যথেষ্ট আগবঢ়া৷তেওঁলোকৰ সম্প্ৰদায়টোৰ লোকসকল হিন্দু।কুকিকে ধৰি আন জনগোষ্ঠী বোৰৰ অভিযোগ বিজেপি চৰকাৰে কেৱল হিন্দু হোৱাৰ বাবেই মেইতেই জনজাতিৰ মৰ্যাদা প্ৰদানৰ পোষকতা কৰিছে।হিন্দু ধৰ্ম গ্ৰহণ কৰি মেইতেই সকলে সকলো জনগোষ্ঠীয় মৰ্যদা হেৰুৱাই এটা উন্নত জাতি হিচাপে পৰিচিত হোৱাৰ পিছতো কিয় আন জনগোষ্ঠীক উলাই কৰি মেইতেক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব বিচাৰি তাত ৰহস্যৰ গোন্ধ পাইছে কুকিসকলে।
হেংলেপ সমষ্টিৰ প্ৰাক্তন বিধায়ক টি থালজালাম হিউকিপক সোমবাৰে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।উচতনি আৰু আক্ৰমণৰ লগত জড়িত থকাৰ অপৰাধত প্ৰাক্তন বিজেপি বিধায়ক গৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷বনাঞ্চলৰ দখলীকৃত ভূমি মুক্ত কৰাৰ অজুহাতত ইতিমধ্যে ৪০ টা গীৰ্জা উচ্ছেদ কৰিছে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰে।আনহাতে, বিশ্ব মেইতেই পৰিষদে মঙলবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰে।মেইতেই পৰিষদে সংবাদমেলখনত মিজোৰামৰ মুখ্যমন্ত্ৰী জ’ৰাম থাংগাক মণিপুৰৰ আভ্যন্তৰীণ বিষয়ত মাত নিদিবলৈ সকীয়াই দিছে।মেইতেই জনগোষ্ঠীক সাংবিধানিক গণ্ডীৰ ভিতৰত জনজাতীয় মৰ্যাদাৰে সুৰক্ষিত কৰা,ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰয়োগ কৰি মণিপুৰবাসীৰ নাগৰিকত্ব সুৰক্ষিত কৰাৰ দাবী তোলে পৰিষদে।পৰিষদে মেইটেৰ পুৰণি মন্দিৰ ভঙা কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰে।আনহাতে,মাৰ ষ্টুডেণ্টছ এচ’ছিয়েছনৰ মণিপুৰ ৰাজ্যিক সমিতিয়ে কেইটামান বিশেষ সংবাদ মাধ্যমে তিপাইমুখৰ ৩ টা ডাঙৰ মন্দিৰ ধ্বংস কৰা বুলি উলিওৱা বাতৰি সম্পূৰ্ণ ভিত্তিহীন।মাৰ ষ্টুডেণ্টছ এচ’ছিয়েছনে এক বিজ্ঞপ্তি যোগে কয় ‘ তিপাইমুখ মহকুমাত ২৫খন গাওঁ আছে।সেই গাওঁবোৰৰ অধিকাংশ লোকেই খ্ৰীষ্টান৷সেয়ে তাত এটাও মন্দিৰ নাই।গতিকে মন্দিৰ ভঙাৰ প্ৰশ্নই নুঠে৷চুৰচান্দপুৰ অঞ্চলত এটা শ্ৰীৰাধা কৃষ্ণ মন্দিৰ আছে আৰু বৰ্তমান ই একেবাৰে সুৰক্ষিত অৱস্থাত আছে।’মণিপুৰত ইতিমধ্যে সান্ধ্যআইন জাৰি কৰাৰ লগতে ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে।সমগ্ৰ হিংসাত্মক পৰিস্থিতিৰ আঁৰত আছে বিজেপি চৰকাৰৰ কাকো দেখি দুৱাৰ মৰা আৰু কাকো দেখি ৰন্ধাবঢ়া নীতি।এই নীতিৰ তীব্ৰ বিৰোধিতা কৰিছে মেইতেৰ বাহিৰে আন জনজাতীয় লোকসকলে।মেইতেৰ বাহিৰে আন জনজাতি বোৰৰ প্ৰতিটোৰে আছে উগ্ৰপন্থী সংগঠন।এই সংগঠনবোৰে নিজৰ নিজৰ জনগোষ্ঠীৰ সুৰক্ষাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰিছে৷প্ৰতিটো সংগঠনেই মণিপুৰৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ বাবে দায়ী কৰিছে মণিপুৰ চৰকাৰক !পৰিস্থিতি এনেদৰেই থাকিলে মণিপুৰৰ পৰিস্থিতি আগন্তুক দিনত কি পৰ্যায় পায়গৈ সেয়াহে হ’ব লক্ষ্যণীয়।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296