সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ধৰা পৰিল জগদম্বা কাণ্ডৰ ডকাইত

লখিমপুৰৰ জগদম্বা ১১.৫০লাখ টকীয়া ডকাইতি কাণ্ডৰে জড়িত ৪জনক গ্ৰেপ্তাৰ লখিমপুৰ আৰক্ষীৰ।প্ৰাঞ্জল শইকীয়া ওৰফে মইনা,এলভিন সোনাৰ (ALNA ৰ সৈতে জড়িত,ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড)মেচৰ আলি ওৰফে ঠিকাদাৰ, আৰু খলিলুৰ ৰহমানক গ্ৰেপ্তাৰ লখিমপুৰৰ ভিন্ন প্ৰান্তৰ পৰা।আনহাতে জয় দেৱ মহন্ত, সজল আলি, শ্বাহ আলম ওৰফে জিন্তুক গুৱাহাটী মেট্ৰো আৰু নলবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে।আনহাতে ভূপেন দাস নামৰ আন এটা ডকাইত সম্প্ৰতি পলাতক।লখিমপুৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাই সংবাদমেলৰ জৰিয়তে স্পষ্ট কৰে যে,এই গেংটো গুৱাহাটী,নলবাৰী,কামৰূপ মেট্ৰো, মুকালমুৱা আদি স্থানত শেহতীয়াকৈ সংঘটিত হৈ থকা বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাত জড়িত আছিল।গুৱাহাটীৰ পাঞ্জাবাৰীৰ পূৰবী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ সৈতে জড়িত আছিল এই ধৃত গেংটো।আৰক্ষীয়ে এই গেঙৰ অন্যতম প্ৰাঞ্জল শইকীয়াৰ ঘৰৰ পৰা জব্দ কৰে এটা ইটালীত নিৰ্মিত ৭.৬৫পিষ্টল,এটা মেগজিন আৰু এক জাঁই সজীৱ গুলীৰ লগতে AS 01 EL 6939নম্বৰৰ এখন এল্ট’ গাড়ী ।

Leave A Reply

Your email address will not be published.