ধনৰ অভাৱ…কটনে নাপাতে প্ৰৱেশ পৰীক্ষা

কটনত অনুষ্ঠিত নহয় প্ৰৱেশ পৰীক্ষা৷২০২১ বর্ষৰ স্নাতক পর্যায়ৰ নামভর্তিৰ বাবে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হব বুলি পূর্বেই ঘোষণা কৰিছিল কটন বিশ্ববিদ্যালয়ে৷ বিগত ১৭ আগষ্টৰ সেই জাননী প্ৰত্যাহাৰ কৰি ২১ আগষ্টত আন এখন জাননী জাৰি কৰিছে কটন বিশ্ববিদ্যালয় কতৃপক্ষই৷নতুন জাননী অনুসৰি,কটন বিশ্ববিদ্যালয়ত স্নাতক পর্যায়ৰ নামভর্তিৰ বাবে অনুষ্ঠিত নহয় প্ৰৱেশ পৰীক্ষা৷উচ্চতৰ মাধ্যমিক চুড়ান্ত বর্ষৰ ফলাফলৰ ভিত্তিতেই স্নাতক পর্যায়ৰ নামভর্তি হব বুলিও ঘোষণা কৰিছে বিশ্ববিদ্যালয়খনে৷অনলাইন প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া সন্দর্ভত সৱিশেষ তথ্য বিশ্ববিদ্যালয়খনৰ অফিচিয়েল ৱেবচাইটত শীঘ্ৰে উপলব্ধ হ’ব৷আনহাতে বিশ্ববিদ্যালয়খনৰ এক সূত্ৰই জনোৱা মতে,কেৱল ধনৰ অভাৱৰ বাবে প্ৰৱেশ পৰীক্ষা বাতিল কৰিবলৈ বাধ্য হল বিশ্ববিদ্যালয়খন৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296