দ্য ক্ৰছকাৰেণ্টৰ বিৰুদ্ধে যড়যন্ত্ৰ

Share This Article

‘Current Trend Assam’ নামৰ এটা সংবাদপোৰ্টেলে ‘দ্য ক্ৰছকাৰেণ্ট’ৰ বৰ্তমানৰ পৰিচালন সম্পাদক বেদব্ৰত বৰাক সাঙুৰি এটা বাতৰি সম্প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে। ২০১৬ চনৰ ভূমি সংক্ৰান্তীয় বিবাদ এটাক সামৰি যি বাতৰি প্ৰচাৰ কৰা হৈছে, সেই বিষয়টো বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন। গতিকে আদালতৰ বক্তব্য আৰু বিচাৰ সন্দৰ্ভত আমাৰ একো ক’বলগীয়া নাই। কিন্তু আদালতৰ বিচাৰাধীন বিষয় এটাৰ সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ কৰিবলৈ যাওঁতে যি অভব্য আৰু অশালীন ভাষাৰ আশ্ৰয় লোৱা হৈছে, তাৰ পৰা স্পষ্ট হৈ পৰে যে ‘দ্য ক্ৰছকাৰেণ্ট’ৰ বিৰুদ্ধে উদ্দেশ্যপ্ৰণোদিতভাৱে ষড়যন্ত্ৰত লিপ্ত হৈছে এটা বিশেষ চক্ৰ। কাৰণ দ্য ক্ৰছকাৰেণ্টে বিগত সময়ছোৱাত অসম চৰকাৰৰ কেইবাটাও বৃহত্ অনিয়মৰ বাতৰি তথ্যসহ পোহৰলৈ আনিছিল। ২০২১ চনৰ ডিচেম্বৰ মাহত দ্য ক্ৰছকাৰেণ্টৰ অনুসন্ধানত প্ৰথমবাৰৰ বাবে পোহৰলৈ আহিছিল RBS Papers । এই আৰ বি এছ পেপাৰ্ছৰ উন্মোচিত হৈছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে আইন উলংঘা কৰি ২৯ বিঘা ৯ লেচা চৰকাৰী আৰু চিলিং চৰকাৰী ভূমি ক্ৰয় কৰাৰ তথ্য। এই ভূমি ক্ৰয়ত জড়িত কোম্পানী আৰ বি এছ ৰিয়েল্টৰ্চ প্ৰাইভেট লিমিটেড প্ৰতিষ্ঠা কৰিছিল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিক ভূঞা শৰ্মাই। বৰ্তমান এই কোম্পানীটোত সৰ্বাধিক ব্যক্তিগত অংশীদাৰিত্ব আছে মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ। ইয়াৰ উপৰি চৰকাৰী আৰু চিলিং চৰকাৰী ভূমি ক্ৰয়ত জড়িত আৰ বি এছ ৰিয়েল্টৰ্চ প্ৰাইভেট লিমিটেডত কলকতাৰ ১৭ টাকৈ সন্দেহজনক কোম্পানীয়ে ধন বিনিয়োগ কৰাৰ তথ্যও ‘দ্য ক্ৰছকাৰেণ্ট’ আৰু ‘দ্য ৱায়াৰ’ৰ অনুসন্ধানত পোহৰলৈ আহিছিল। The Crosscurrent আৰু The Wireৰ অনুসন্ধানত বিগত মাৰ্চ আৰু জুন মাহত পোহৰলৈ আহিছিল কোভিডকালীন সময়ত PPE Kit ক্ৰয়ত অনিয়ম সংঘটিত হোৱাৰ তথ্য। প্ৰথমতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে ক্ৰছকাৰেণ্টৰ RTI আবেদনৰ উত্তৰত স্পষ্ট কৰিছিল যে কোভিডৰ সময়ত চীনৰ পৰা কোনো পি পি ই কিট্ ক্ৰয় কৰা হোৱা নাছিল। আৰ টি আই তথ্যতে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ প্ৰতিষ্ঠানে আন প্ৰতিষ্ঠানতকৈ অধিক দৰত পি পি ই কিট্ যোগানৰ ঠিকা লাভ কৰাৰ তথ্য। আনকি মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক সহযোগী ঘনশ্যাম দাস ধানুকাৰ প্ৰতিষ্ঠানে অত্যাধিক দৰত পি পি ই কিট্ আৰু ছেনিটাইজাৰ যোগানৰ ঠিকা লাভ কৰাৰ তথ্যও দ্য ক্ৰছকাৰেণ্ট আৰু দ্য ৱায়াৰৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল। অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ঘৰলৈ যোৱা পথ চমু কৰিবৰ বাবে কিদৰে বোন্দাজানৰ জলাশয় পুতি পথ নিৰ্মাণ কৰি থকা হৈছে, সেয়াও ধৰা পৰিছিল ক্ৰছকাৰেণ্টৰ কেমেৰাত। এইদৰে চৰকাৰী অনিয়ম আৰু দুৰ্নীতিৰ বাতৰি ধাৰাবাহিকভাৱে উন্মোচন কৰি আহিছে দ্য ক্ৰছকাৰেণ্টে। দ্য ক্ৰছকাৰেণ্টত বিগত আগষ্ট মাহত পৰিচালন সম্পাদক হিচাপে যোগদান কৰে জ্যেষ্ঠ সাংবাদিক বেদব্ৰত বৰাই। জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে দ্য ক্ৰছকাৰেণ্টত যোগদান কৰাৰ পাছতেই উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন ৮ বছৰ পুৰণি বিষয় এটাক লৈ বাতৰি প্ৰচাৰ কৰা দেখা পোৱা গৈছে। দ্য ক্ৰছকাৰেণ্টৰ বিৰুদ্ধে এয়া এক উদ্দেশ্যপ্ৰণোদিত অপপ্ৰচাৰ। কিন্তু দ্য ক্ৰছকাৰেণ্টৰ বিৰুদ্ধে যিমানেই ষড়যন্ত্ৰ নহওক, যিমানেই অপপ্ৰচাৰ নচলাওক কিয়, আমি আমাৰ লক্ষ্যৰ পৰা কেতিয়াও বিচলিত নহওঁ। ক্ষমতাশালী মহলে লুকুৱাই ৰখা তথ্য আৰু সত্য উদঘাটনৰ বাবে দ্য ক্ৰছকাৰেণ্ট সদায়েই দৃঢ় প্ৰতিজ্ঞ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.