দেশ ছাৰখাৰ কিন্তু সুৰক্ষিত মাঝাৰ

Share This Article

সমগ্ৰ দেশ তেতিয়া টোপনিত ডুব গৈ আছিল।হঠাতে আহিল প্ৰবল ভূমিকম্প। তাৰ পিছত চৌদিশে হুৱাদুৱা। চকুৰ পলকতে সকলো ঘৰ ভাঙি তচনচ, চাৰিওফালে নিহতৰ দীঘলীয়া শাৰী ! তুৰস্কৰ এই ছবিয়ে আপোনাকো কন্দুৱাই পেলাব। বিধ্বংসী ভূমিকম্পৰ ফলত তুৰস্ক আৰু ছিৰিয়াৰ এটা বৃহৎ অংশ কঁপি উঠিছিল। কিন্তু আপুনি জানি আচৰিত হ’ব যে এনে প্ৰবল ভূমিকম্পৰ পাছতো অক্ষত হৈ থাকিল—এটা মাঝাৰ৷কাৰণ,ভূমিকম্প আহিল, কিন্তু স্পৰ্শ কৰিব নোৱাৰিলে মাঝাৰটোক৷ তাচপাতৰ দৰে খহিল ৪ হাজাৰৰো অধিক অট্টালিকা। কোনো ক্ষতি নহ’ল সেই বিশেষ মাঝাৰটোৰ। সুৰক্ষিত হৈ থাকিল মহম্মদ পয়গম্বৰৰ নাতিৰ স্মৃতি চিহ্ন।আনকি সেই পবিত্ৰ স্থানত দোৱা কৰি থকা লোকৰো প্ৰাণ ৰক্ষা পৰিল। হাজাৰ হাজাৰ অট্টালিকা ধ্বংস হৈ গ’ল। কিন্তু আল্লাৰ শক্তিৰে যেন শক্তিৱন্ত হৈ থকা মাঝাৰটো সুৰক্ষিত হৈ থাকিল।উল্লেখ্য যে, সোমবাৰে পুৱা ৪ বাজি ১৭ মিনিটত ৭.৮ প্ৰাবল্যৰ প্ৰথম ভূমিকম্পই তচনচ কৰি পেলাইছিল তুৰস্ক আৰু ছিৰিয়া। ইয়াৰ পাছত ভূমিকম্পৰ আৰু দুটা শক্তিশালী কম্পন হৈছিল, যাৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ক্ৰমান্বয়ে ৭.৬ আৰু ৬.০। মঙলবাৰে পুনৰ অহা ভূমিকম্পই তুৰ্কীৰ লোকসকলক শংকিত কৰি তোলে। দ্বিতীয়টো ভূমিকম্প প্ৰায় ১৫ মিনিটৰ পিছত আহিছিল। ছিৰিয়াৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, দেশখনত আজিলৈকে হোৱা ভূমিকম্পবোৰৰ ভিতৰত এইটোৱেই সৰ্ববৃহৎ ভূমিকম্প৷ চেণ্ট্ৰেল ছিৰিয়াৰ হামা অঞ্চলত কেইবাটাও বহুমহলীয়া অট্টালিকা ভাঙি তচনচ হোৱা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে৷ নিহতৰ সংখ্যা আধিক বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। তুৰ্কী বিশ্বৰ সবাতোকৈ ভূমিকম্প প্ৰৱণ অঞ্চল। ১৯৯৯ চনতো তুৰ্কীত হোৱা ৭.৪ প্ৰাবল্যৰ ভূমিকম্পই তচনচ কৰিছিল দেশখন৷প্ৰায় ১৭ হাজাৰ লোকে এই ভূমিকম্পত প্ৰাণ হেৰুৱাইছিল।কিন্তু আচৰিত কথাটো হ’ল, ভূমিকম্প আহিল, কিন্তু স্পৰ্শ কৰিব নোৱাৰিলে মাঝাৰ। মহম্মদ পয়গম্বৰৰ নাতিৰ পবিত্ৰ স্মৃতি চিহ্ন সুৰক্ষিত হৈ থাকিল। আনকি পবিত্ৰ স্থানত দোৱা কৰি থকা লোকৰো প্ৰাণ ৰক্ষা পৰিল। হাজাৰ হাজাৰ অট্টালিকা ধ্বংস হৈ যোৱাৰ বিপৰীতে মাঝাৰটো সুৰক্ষিত হৈ থকাক লৈ আল্লাৰ শক্তিয়ে যে ধৰি ৰাখিছে, ,সকলোৱে তাকেই বিশ্বাস কৰিছে। হয়তো ইযাকেই ক’ব পাৰি আল্লাৰ অপাৰ মহিমা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.