সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কুঠাৰাঘাত: ৰাজ্য সমূহক প্ৰাপ্য অধিকাৰৰ পৰা কিয় বঞ্চিত কৰিছে মোডী চৰকাৰে?

দেশৰ অৰ্থনৈতিক অৱস্থা দ্ৰুত গতিত অৱনমিত হোৱাৰ সময়তে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে এতিয়া যেন ভাঙি টচনছ কৰি দিব বিচাৰিছে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ কাঠামো। কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ অপৰিকল্পিত আৰু অপৰিপক্ক ভাবে সমগ্ৰ দেশত লকডাউন ঘোষণা কৰি অৰ্থনীতিৰ অৱস্থা তথৈবচ কৰাৰ পিছত এতিয়া দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাকো দুৰ্বল কৰাৰ দিশত ধাৱমান হৈছে মোডী চৰকাৰ।

উল্লেখযোগ্য যে GST ৰূপায়ন কৰাৰ পিছৰ পৰাই ৰাজ্য চৰকাৰ সমূহৰ পূৰ্বৰ দৰে ৰাজহ সংগ্ৰহৰ উৎস সমূহ কমি আহিব ধৰিছে। গতিকে এতিয়া ক’ভিড-১৯ ৰ পৰিপেক্ষিতত ব্যৱসায় বাণিজ্য স্তব্ধ হৈ পৰাৰ ফলত ৰাজ্য সমূহ সন্মুখীন হৈছে এক গভীৰ অৰ্থনৈতিক সংকটৰ। এই পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবলৈ ৰাজ্য চৰকাৰ সমূহে কেন্দ্ৰীয় চৰকাৰে GST আইনৰ অধীনত তেওঁলোকক এতিয়াও দিবলৈ থকা ২.৩৫ লাখ কোটি টকাৰ ক্ষতিপূৰণ আদায় কৰি দিবলৈ দাবী উত্থাপন কৰি আহিছে।

- Donation -

কিন্ত যোৱা সপ্তাহত হোৱা GST কাউন্সিলৰ মিটিংত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য সমূহৰ এই প্ৰাপ্য ধন আদায় দিব নোৱাৰে বুলি অৱগত কৰা লগতে উক্ত ধন ৰাশি ৰিজাৰ্ভ বেংকৰ পৰা ঋণ হিচাপে লবলৈ হে ৰাজ্য চৰকাৰ সমূহক পৰামৰ্শ দিয়ে।

ইয়াৰ পিছতে এতিয়া ক্ষুণ্ণ হৈ পৰিছে বিৰোধী শাসিত ৰাজ্য সমূহ। ইতিমধ্যে ৪ জন মুখ্যমন্ত্ৰীয়ে প্ৰধান মন্ত্ৰী আৰু বিত্তমন্ত্ৰী লৈ পত্ৰ লিখি জনাইছে যে ৰাজ্য সমূহৰ পৰিবৰ্তে কেন্দ্ৰীয় চৰকাৰে হে ৰিজাৰ্ভ বেংক অথবা বজাৰৰ পৰা ঋণ ল’ব লাগে আৰু ৰাজ্য সমূহক প্ৰাপ্য ধন আদায় কৰিবা লাগে।

৪ জন মুখ্য মন্ত্ৰীৰ ভিতৰত আছে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱাল, তামিল নাডুৰ মুখ্যমন্ত্ৰী ই কে পালানিস্বামী আৰু ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেছ বাঘেল।

ইন্ডিয়ান এক্সপ্ৰেছ নামৰ বাতৰি কাকত খনত প্ৰকাশিত এক বাতৰি অনুসৰি কেন্দ্ৰীয় চৰকাৰে যদি মান্তি নহয় তেতিয়া হলে ন্যায়ালয়ৰ কাষ চাপিব ৰাজ্য চৰকাৰ সমূহ।

 

photo courtesy : Indian express

Leave A Reply

Your email address will not be published.