দুগৰাকী অসম সন্তানৰ গ’ল দেখি গ’ল পেলেই

Share This Article

 

●জিতেন গগৈ

২০১৫ চন । নতুন দিল্লীত হোৱা সুব্ৰত কাপ সৰ্বভাৰতীয় স্কুল ফুটবলত বিভিন্ন ৰাজ্যৰ চেম্পিয়ন দলবোৰৰ লগতে সেইবাৰ ১৭ বছৰৰ অনুৰ্দ্ধ ভাৰতীয় দলটোকো ভাগ লোৱাৰ সুবিধা দিয়া হৈছিল এআইএফএফ একাডেমী নামেৰে। ৰাষ্ট্ৰীয় সেই দলটোত আছিল অসমৰ দুগৰাকী খেলুৱৈ । বাওৰিংডাও বড়ো আৰু নিজুম মুছাহাৰী ।তেওঁলোকৰ দলটোৱে কুৱেইটত হোৱা এছীয় পৰ্যায়ৰ এ এফ চি কাপ কোৱালিফাইং প্ৰতিযোগিতাত সুন্দৰ খেল প্ৰদৰ্শন কৰি উভতি আহিছিল । তাৰ আগেয়ে প্ৰায় একেখিনি খেলুৱৈৰে গঠিত ভাৰতীয় দলটোৱে নেপালত হোৱা অনুৰ্দ্ধ ১৬ বছৰৰ ছাফ ফুটবলত বিজয়ীৰ কৃতিত্ব অৰ্জন কৰিছিল।দলটো একপ্ৰকাৰ ছেট হৈ আছিল । সুব্ৰত কাপতো তেওঁলোক চকুত পৰা হৈ উঠিছিল । আকৰ্ষণীয় প্ৰদৰ্শনেৰে আহি আহি ফাইনেলেই পালেহি ।বাওৰিংডাও আৰু নিজুমো দুৰন্ত ফৰ্মত আছিল ।অৱশেষত ফাইনেল ১৬ অক্টোবৰত।প্ৰতিপক্ষত আছিল মণিপুৰৰ লিটল এঞ্জেলছ পেৰাডাইজ স্কুল।স্থান আম্বেদকাৰ ষ্টেডিয়াম।পিছে এইখন ফাইনেল সাধাৰণ নাছিল ।কিয়নো এইখন খেল উপভোগ কৰিবলৈ উপস্থিত আছিল এনে এজন লোক, যিজন জীৱন্ত কিম্বদন্তীস্বৰূপ । তেওঁ হ’ল গোটেই বিশ্বই ফুটবলৰ ভগৱান বুলি স্বীকাৰ কৰি লোৱা সম্ৰাট পেলে ।ক’লা মুকুতা পেলেৰ সেইয়াা আছিল দ্বিতীয় ভাৰত ভ্ৰমণ ।প্ৰথমটো আছিল ৩৮ বছৰৰ আগত ।সেইবাৰ খেলুৱৈৰ ৰূপত ।৭৫ বছৰীয়া পেলেক এইবাৰ আঁচুৰিবলৈ লৈছে বাৰ্ধক্যইও । খেলৰ আগেয়ে সম্ৰাটক আয়োজক এয়াৰ ফ’ৰ্চৰ ফালৰপৰা এখন খোলা জীপত তুলি খেলপথাৰৰ চৌপাশে পৰিভ্ৰমণ কৰোৱা হৈছিল।তেওঁৰ পিন্ধনত আছিল আকাশী ৰঙৰ চাৰ্ট-পেণ্ট । চিকচিকিয়া ক’লা জোতা দুই ভৰিত । ২০ হাজাৰ দৰ্শক ভৰ্তি আম্বেদকাৰ ষ্টেডিয়াম পেলে, পেলে ধ্বনিৰে আলোড়িত হৈ উঠিছিল ।সেই উত্তাল পৰিৱেশত বাওৰিংডাও-নিজুমহঁতক খেলৰ আগত কোৱা হৈছিল যে আজি তেওঁলোকৰ খেল চাব ভগৱানে ! স্বাভাৱিকতে দুয়োদলৰ চেমনীয়া খেলুৱৈসকল শিহৰিত হৈ উঠিছিল ।এটা সময়ত খেল আৰম্ভ হৈছিল ।৬ মিনিটৰ পিচতেই হ’ল খেলৰ প্ৰথমটো গ’ল । দিল্লীত পঢ়া আৰু বিভিন্ন সূত্ৰে থকা মণিপুৰকে ধৰি উত্তৰ পূবৰ বহুসংখ্যক দৰ্শকো আছিল গেলেৰীত ।তেওঁলোকক উৎসৱমুখৰ কৰি তুলি খেলৰ প্ৰথমটো গ’ল দিছিল লিট্ল এঞ্জেলছৰ লায়েংগাম্বাই ।১-০ ব্যৱধানত আগবাঢ়িল থৌবলৰ পৰা অহা পাহাৰী দলটো ।কিন্তু লাহে লাহে একাডেমীৰ দলটোৱে খোপনি পুতিবলৈ আৰম্ভ কৰে ।আক্ৰমণৰ পিছত আক্ৰমণ ।২৪ মিনিটত মণিপুৰী সতীৰ্থ জয়ানন্দই ৰাইট উইঙেদি এটা কাউণ্টাৰ-এটেক চলাই বল তুলি পঠায় বক্সৰ আনটো মূৰলৈ ।সুযোগ বুজি তালৈকে তীব্ৰ গতিৰে দৌৰিছিল ১০ নম্বৰ জাৰ্ছী পিন্ধা বাওৰিংডাও আৰু মুহূৰ্ততে বুটৰ আগ লগাই তেওঁ তাক গ’লত পৰিৱৰ্তন কৰে ( ১-১ )।প্ৰথমটো গ’ল দিয়াৰ পাছত তেওঁলোক হৈ পৰে অপ্ৰতিৰোধ্য ।সেই গ’লৰ পাছত মণিপুৰৰ দলটোৱে একাডেমীক ৰাখিব নোৱৰা হয় ।উপৰ্যুপৰি গ’লেৰে একাডেমী বিজয়ী হয় ৪-১ গ’লত ।হাফলঙৰ সন্তান বাওৰিংডাওৱে ১-১ ত সমতাসূচক গ’ল দি খেলৰ দিশ সলনি কৰাৰ দৰে গ’লৰ মোখনিও মাৰে এগৰাকী অসমীয়া খেলুৱৈয়ে।৫৪ আৰু ৫৫ মিনিটত ক্ৰমে ৰোহিত যাদৱ আৰু এডমাণ্ডে গ’ল দিয়াৰ পাছত ৫৭ মিনিটত চিৰাঙৰ ল’ৰা নিজুম মুছাহাৰীয়ে পেনাল্টী কিকৰ জৰিয়তে শেষৰটো গ’ল দিয়ে ।তেনেদৰেই দুগৰাকী অসম সন্তানে ফুটবলৰ ভগৱানৰ সন্মুখত গ’ল দি নিজৰ কেৰিয়াৰ স্মৰণীয় কৰি তোলে ।নগণ্য সংখ্যক জনৰ বাবেহে তেনে সৌভাগ্য-লাভৰ সোণালী সুযোগ আহে !
( ফটোত সোঁমাজত দেখা গৈছে কিম্বদন্তী পেলেক । তেওঁৰ সোঁহাত পৰিছে ১০ নম্বৰ জাৰ্ছী পিন্ধা বাওৰিংডাওৰ কান্ধত ।নিজুম মুছাহাৰী আছে সমুখৰ শাৰীত সোঁফালে । ১১ নম্বৰ জাৰ্ছী পিন্ধাজন ।) ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.