তৃতীয় লিংগৰ বাবেই বিপদত পৰিব চৰকাৰ !

Share This Article

তৃতীয় লিংগক এক পৃথক জাতি বুলি চিহ্নিত কৰি বিপদত পৰিছে এখন ৰাজ্যৰ চৰকাৰ।লিংগক জাতি হিচাপে পৃথক কৰাক লৈ বিভিন্ন পক্ষৰ কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে বিহাৰ চৰকাৰ।উল্লেখ্য যে বিহাৰ চৰকাৰে জাতিবোৰক একো একোটা ক’ডেৰে চিহ্নিত কৰাৰ সিদ্ধান্ত লৈছে।প্ৰতিটো জাতিকেই একো একোটা সুকীয়া ক’ডেৰে চিহ্নিত কৰা হ’ব।সেই অনুসৰি মৈথিলী,কন্যাকুবজ আৰু আন ব্ৰাহ্মণ সকলক এটা ক’ডৰ ভিতৰত ব্ৰাহ্মণ হিচাপে অন্তৰ্ভুক্ত কৰি একেটা ক’ডেৰে চিহ্নিত কৰাৰ সিদ্ধান্ত লৈছে।উদাহৰণস্বৰূপে ৰাজপুতৰ জাতিগত ক’ড ১৬৯ ,ভূমিহাৰৰ ১৪২,কায়স্থ ২১ আৰু তৃতীয় লিংগৰ ক’ড নিৰ্ধাৰণ কৰিছে ২২ উল্লেখ্য যে বিহাৰত ২০১১চনৰ লোকপিয়ল অনুসৰি ৪০,৮২৭ গৰাকী তৃতীয় লিংগৰ ব্যক্তি আছে।বিহাৰৰ এটা স্বেচ্ছাসেৱী সংস্থা ‘দোস্তানাচফৰ’ৰ প্ৰতিষ্ঠাপক সম্পাদক ৰেছমা প্ৰসাদে পিটিআইক কয় ‘ এটা লিংগক এটা ক’ডেৰে জাতি হিচাপে স্বীকৃতি দিয়া উচিত নহয়।পুৰুষ আৰু মহিলাক দুটা পৃথক জাতি হিচাপে চিহ্নিত কৰিব পাৰি জানো?কেনেকৈ তৃতীয় লিংগক এটা পৃথক জাতি হিচাপে চিহ্নিত কৰা হ’ব?তৃতীয় লিংগক এটা জাতি হিচাপে চিহ্নিত কৰাটো কিমান সঠিক?’বিহাৰৰ সমাজ কল্যাণ মন্ত্ৰী মদন চাহানীয়ে কয় ‘ যদি তৃতীয় লিংগৰ বিষয়টোত কিবা আপত্তি আছে তেন্তে তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষক জনোৱা উচিত।বিহাৰৰ মিত্ৰজোঁটৰ চৰকাৰে তৃতীয় লিংগৰ বাবে ইতিমধ্যে কেইবাটাও কল্যাণকামী আঁচনি গ্ৰহণ কৰিছে।’গ্ৰেছ বানু নামৰ এগৰাকী তৃতীয় লিংগৰ ব্যক্তিৰ মতে বিহাৰ চৰকাৰে তৃতীয় লিংগৰ লোকৰ ক্ষেত্ৰত অন্যায় কৰিছে।কোনো কাৰণতে এই বিষয়টো মানি লোৱা উচিত নহয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.