সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

তলা ওলমিব নেকি অসম সাহিত্য সভাৰ কাৰ্যালয়ত?

২০২৩ চনৰ ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈকে নাৰায়ণপুৰত অনুষ্ঠিত হ’ব ষষ্ঠ সপ্ততিতম অসম সাহিত্য সভাৰ অধিৱেশন । তাৰ পূৰ্বে অসম সাহিত্য কাৰ্যালয়ৰ কাম -কাজত স্থৱিৰতা ৷ প্ৰাপ্য বেতনৰ পৰা বঞ্চিত সাহিত্য সভাৰ কৰ্মচাৰী বহিব প্ৰতিবাদত ৷

চৰকাৰে কিয় প্ৰতাৰণা কৰিছে অসম সাহিত্য সভাৰ ৪২জন কৰ্মচাৰীক?
৭ মাহে দৰমহা নাই সাহিত্য সভাৰ কৰ্মচাৰীৰ

- Donation -

জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ কৰ্মচাৰীৰ পানীত হাঁহ নচৰা অৱস্থা ৷ দৰমহাৰ অভাৱত নিজৰ অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰ বাবেও আনৰ হাতলৈ মুখলৈ চাব লাগে অসম সাহিত্য সভাৰ কৰ্মচাৰীয়ে৷ কৰ্মচাৰীক দৰমহা দিবলৈ অপাৰগ সাহিত্য সভাৰ নেতৃত্ব৷ জাতিৰ মেৰুদণ্ড স্বৰূপ অসম সাহিত্য সভাত এতিয়া অচলাৱস্থা

মাহিলী দৰমহাৰ বাবে প্ৰতিবাদ কৰিব লাগে অসম সাহিত্য সভাৰ কৰ্মচাৰীয়ে ৷ সময়মতে নিজৰ প্ৰাপ্য ধনৰ বাবে যুঁজিব লাগে কৰ্মচাৰী সকলে।

ইফালে সন্মুখত অসম সাহিত্য সভাৰ নিৰ্বাচন৷ এসপ্তাহৰ দৰমহা নিদিলে অসম সাহিত্য সভাৰ প্ৰায় অৰ্ধশতাধিক কৰ্মচাৰী নামিব প্ৰতিবাদত ৷
যিহেতু পূৰ্বতে অসম সাহিত্য সভাৰ কৰ্মচাৰীৰ দৰমহা আছিল ২০১৯-২০২০ বৰ্ষত ১ কোটি ২১ লাখ টকা ।।
২০-২১ বৰ্ষত পালে ৯৩ লাখ টকা ।
২১-২২ বৰ্ষত পালে ৪৫ লাখ টকা আৰু
২২-২৩ত পালে ৪০.৫০ লাখ টকা।
যিহেতু মাহিলী কৰ্মচাৰী সকলক লাগে প্ৰায় ১০ লাখ টকা । আনহাতে
বছৰত ১ কোটি ২১ লাখ টকাৰ প্ৰয়োজন হয় । কিন্তু লাহে লাহে প্ৰাপ্য ধনৰ পৰা বঞ্চিত হৈ ৭ মাহে দৰমহা নাই কৰ্মচাৰী সকলে।
কিন্তু কৰ্মচাৰীৰ এনে দুৰৱস্থাৰ কথা শুনিব নুখুজে বৰ্তমানৰ অসম সাহিত্য সভাৰ সভাপতি আৰু প্ৰধান সম্পাদকে ৷ নিজা পুঁজি থকাৰ পাছতো কৰ্মচাৰীক এমাহৰ দৰমহা দিবলৈও যেন চৰকাৰৰ মুখলৈ বাট চাব লগা হয় অসম সাহিত্য সভাই ৷

এইহেন শাৰদীয় দুৰ্গোৎসৱৰ বতৰতো বিচৰামতে
পৰিয়ালক একো এটা দিব পৰা নাই সাহিত্য সভাত কাম কৰা কৰ্মচাৰীয়ে ।

Leave A Reply

Your email address will not be published.