ডাৰ্ক নেটৰ জৰিয়তে ক’ৰোনা ভেকচিনৰ ভুৱা বেহা প্ৰৱঞ্চকৰ

Share This Article

ক’ৰোনা ৰোগীৰ বাবে প্লাজমা বিক্ৰীৰ ক্ষেত্ৰত প্ৰবঞ্চনাত নামি পৰিছে এচাম দুষ্ট চক্ৰ। ডাৰ্ক নেটৰ সহায়ত তৈয়াৰ কৰিছে এক বৃহত্ চক্ৰ। কেৱল এয়া নহয়, ক’ৰোনাৰ ভেকচিনো বিক্ৰী কৰিছে চৰম জালিয়াতিৰে। যি খবৰে পশ্চিমবংগ প্ৰশাসনক অস্বস্তিত পেলাইছে ভুৱা প্ৰবঞ্চকৰ কৰ্মকাণ্ডই। চাইবাৰ ব্ৰান্সলৈ এই সন্দৰ্ভত আহিছে বহু অভিযোগ। কেইবাটাও ছাইটৰ সৈতে লগ লাগি এনেদৰেই এতিয়া ৰাজ্যখনত এটা বৃহত্ চক্ৰই অহৰ্নিশে ব্যৱসায় চলাই যোৱাৰ পিছতো ডাৰ্ক নেট ব্যৱহাৰৰ ক্ষেত্ৰত থকা সীমাবদ্ধতাই এতিয়া বাধাৰ সৃষ্টি কৰিছে প্ৰশাসনৰ বিৰুদ্ধে। ডাৰ্ক নেট ব্যৱহাৰ কৰাৰ ফলত কোনো প্ৰবঞ্চকৰ তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই ৰাজ্যখনৰ চাইবাৰ ক্ৰাইম ব্ৰান্সে।
ডাৰ্ক নেট ব্যৱহাৰকাৰী ক্ৰেতা আৰু বিক্ৰেতাৰ সকলো তথ্য গোপনে ৰখাৰ বাবে আছে বিশেষ কাৰিকৰী ব্যৱস্থা। যাৰফলত এই ডাৰ্ক নেটৰ জৰিয়তে দিনক দিনে অপৰাধীসকলে সুবিধা গ্ৰহণ কৰি আহিছে। ইয়েই মূৰৰ কামোৰণিৰ সৃষ্টি কৰিছে পুলিচ প্ৰশাসনৰ।

খবৰ অনুসৰি , ফেচবুকৰ জৰিয়তে প্ৰতাৰকৰ দলে বিভিন্ন ছচিয়েল মাধ্যমৰ সৈতে সংযোগ স্থাপন কৰি গ্ৰাহকলৈ বিভিন্ন ধৰণৰ লিংক প্ৰেৰণ কৰে। সেই লিংকত ক্লিক কৰাৰ লগে লগে গ্ৰাহক এজন নজনাকৈয়ে ডাৰ্ক নেটৰ জগতত প্ৰৱেশ কৰে। তাৰপৰাই আৰম্ভ হয় প্ৰবঞ্চনা জগতৰ জালখন। বহু লোক এই জালত লোভনীয় তথা বিভিন্ন সুবিধা পোৱাৰ আশাতে বলিৰ পঠা হয় প্ৰতাৰক চক্ৰৰ।
উল্লেখ্য যে এপ্ৰিল মাহৰ প্ৰায় মধ্যভাগতে আৰম্ভ হৈছিল প্লাজমাৰ এই ক’লা বেহা। প্ৰথমাৱস্থাত ইউৰোপত আৰম্ভ হৈছিল যদিও বৰ্তমানলৈ ভাৰততো প্ৰৱেশ কৰিছে দুষ্ট চক্ৰই। ভাৰতত এতিয়াও ক’ৰোনাৰ যুঁজত প্লাজমাৰ ব্যৱহাৰৰ সম্পৰ্কত গৱেষণা চলি আছে। বহুতেই বন্ধু-বান্ধৱী, আত্মীয় স্বজনৰ পৰা প্লাজমা ক্ৰয় কৰিবলৈ ৰাজী হৈছে। ২লাখৰ পৰা ৫লাখ টকালৈকে টকাৰ লেনদেন চলিছে ক্ৰেতা-বিক্ৰেতাৰ মাজত। অনলাইনৰ জৰিয়তে লেন দেন চলিলেও একেটা একাউণ্ট দুই-এবাৰ ব্যৱহাৰৰ পিছত বন্ধ কৰি দিয়া হয়। আনহাতে বহু একাউণ্টত ভুৱা নাম ব্যৱহাৰ কৰাৰো তথ্য আহি পৰিছে প্ৰশাসনৰ হাতত।
কেৱল প্লাজমাই নহয়, নিজকে সুস্থ কৰি ৰখাৰ স্বাৰ্থত একাংশ লোক বলি হৈছে ভুৱা ভেকচিনৰ। ক’ৰোনাৰ ভেকচিন বুলি লাখ লাখ টকাত দুষ্টচক্ৰই বিক্ৰী কৰি আহিছে পানী ভৰাই থোৱা ভেকচিন। অনলাইন ক্ৰয় কৰাৰ পিছত হাতত পৰাৰ পিছতহে ঠগবাজীৰ কথা গম পাইছে ক্ৰেতাই। অনুসন্ধানকাৰীসকলৰ বাবে ভয়ানক কথা হৈ পৰিছে যে,যিহতু হাইড্ৰক্সিক্ল’ৰ’কুইন নেটৰ জৰিয়তে পাব পৰা যায়, সেয়ে ভুৱা হাইড্ৰক্সিক্ল’ৰ’কুইনৰ বলি হৈ লাখ লাখ টকা হেৰুৱাইছে বহু লোকেই। সেয়ে অনুসন্ধানকাৰীসকলে ছচিয়েল মিডিয়াৰ জৰিয়তে পোৱা যিকোনো লিংক খুলিবলৈ সাৱধান কৰি দিছে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.