জৰা ফুকাও নকৰে,আজমলকো নালাগে ধুবুৰীত !

Share This Article

আজমলৰ জৰা ফুকাই কাম নিদিয়ে আগন্তুক নিৰ্বাচনত ।ধুবুৰীৰ পৰা আজমলক উৎখাতৰ সংকল্প কংগ্ৰেছৰ । পিছে ধুবুৰীত কাৰ কাৰ মাজত হ’ব প্ৰতিদ্বন্দিতা? ‘এতিয়া আৰু আজমলৰ জৰা ফুকা পানী নিবলৈ নাহে ধুবুৰীবাসী।আজমলে আনক দিয়ে জৰাফুকা পানী, নিজে সেৱন কৰে ঔষধ-ধুবুৰীৰ পৰা আজমলক উৎখাতৰ সংকল্প কংগ্ৰেছৰ।ধুবুৰীত কাৰ কাৰ মাজত হ’ব প্ৰতিদ্বন্দিতা ?এইবাৰ লোকসভা নিৰ্বাচন আকৰ্ষণীয় হ’ব ধুবুৰীত! তিনিবাৰৰ সাংসদ বদৰুদ্দিন আজমলৰ পৰা ধুবুৰী লোকসভা সমষ্টি পুনৰুদ্ধাৰৰ সংকল্প লৈছে কংগ্ৰেছে । সংখ্যালঘু প্ৰধান সমষ্টি ধুবুৰীৰ পৰা তিনিবাৰকৈ সাংসদ হৈছে এআইইউডিএফ প্ৰধান আজমল ।এক প্ৰকাৰ এআইইউডিএফৰ দুৰ্গ হ’ল ধুবুৰী ।কিন্তু এইবাৰ ধুবুৰীত জয়ী হোৱা সহজ নহ’ব আজমলৰ বাবে ।কংগ্ৰেছৰ দাবী আজমলে এখন আসনত জয়ী হৈ চৰকাৰ বনাব নোৱাৰে । সেয়ে ধুবুৰীৰ ৰাইজে এইবাৰ জনাদেশ দিব কংগ্ৰেছৰ পক্ষত। আজমলক কটাক্ষ কৰি গোলকগঞ্জৰ কংগ্ৰেছ বিধায়ক আবদুছ চুবহান আলী চৰকাৰৰৰ মন্তব্য  ‘আজমলৰ জৰা ফুকা পানী এৰিছে ধুবুৰীৰ ৰাইজে ।এতিয়া আজমলৰ মানুহেই পানী নিবলৈ আহে আজমলৰ! ‘পিছে কংগ্ৰেছে ভাল ফলাফল আশা কৰিলেও কংগ্ৰেছৰ বাবেও আছে প্ৰত্যাহবান । বিশেষকৈ ধুবুৰীত কংগ্ৰেছৰ মাজত সৃষ্টি হ’ব পাৰে প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাত ।ইতিমধ্যে কংগ্ৰেছত ওলাইছে টিকটৰ বহু কেইজন দাবীদাৰ ।কংগ্ৰেছৰ টিকটৰ দাবীদাৰৰ ভিতৰত আছে প্ৰাক্তন সাংসদ আব্দুল হামিদ ,প্ৰাক্তন বিধায়ক ডা০ মতিউৰ ৰহমান ,অধিবক্তা আবু তাহেৰ বেপাৰী আলী আহমেদ ,ৱাজেদ আলী চৌধুৰী ,আব্দুচ চুবহান আলী চৰকাৰ,বিধায়ক গোলকগঞ্জ ৰশ্বিদ মণ্ডল, আমিনুল বাদশ্বাহ।এই কেইজনৰ বাহিৰেও চৰ্চাত আছে জেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ নাম । পিছে 10টা বিধানসভা সমষ্টিযুক্ত ধুবুৰীত ফেক্টৰ হ’ব জাতিগত অংক । সংখ্যালঘু প্ৰধান সমষ্টি যদিও ধুবুৰীত দেশী আৰু মিঞা সম্প্ৰদায়ৰ আছে ৰাজনৈতিক অৰিয়াঅৰি । গোলকগঞ্জ,মানকাচৰ,গৌৰীপুৰ, বিলাসীপাৰা পূৱ আৰু ধুবুৰী সমষ্টিত গৰিষ্ঠসংখ্যক দেশীলোক । বিলাসীপাৰা পশ্চিম আৰু গোৱালপাৰা পূৱত দেশী আৰু মিঞা জনগোষ্ঠীৰ লোক প্ৰায় সমান ।জলেশ্বৰ, গোৱালপাৰা পশ্চিম আৰু দক্ষিণ শালমাৰাত মিঞাসমপ্ৰদায়ৰ লোকৰ সংখ্যা অধিক । তেনে ক্ষেত্ৰত ধুবুৰীত এজন আপোচহীন তথা দেশী আৰু মিঞা উভয় সম্প্ৰদায়ে গ্ৰহণ কৰিব পৰা প্ৰাৰ্থী দিয়াতো হ’ব কংগ্ৰেছৰ বাবে প্ৰত্যাবান ।সুযোগৰ সন্ধানত আছে এইবাৰ অগপ বিজেপি মিত্ৰজোঁট ।বিজেপিয়ে অগপক যদি আসনখন এৰি দিয়েও এজিপিৰ প্ৰাৰ্থীৰ দাবীদাৰ প্ৰাক্তন মন্ত্ৰী মহিবুল হক,  আৰু প্ৰাক্তন বিধায়ক জাৱেদ ইছলাম । অৱশ্যে বিজেপিয়ে যদি ধুবুৰীত প্ৰাৰ্থী দিয়ে বিজেপিৰ প্ৰাৰ্থী হ’ব জলেশ্বৰ প্ৰাক্তন বিধায়ক মইনুদ্দিন।অৱশ্যে ধুবুৰীত বিজেপিয়ে প্ৰাৰ্থীত্ব দিয়াৰ সম্ভাৱনা কম । ফলত কংগ্ৰেছে কাক প্ৰাৰ্থীত্ব দিব তাৰ ওপৰত বহু পৰিমানে নিৰ্ভৰ কৰিব শাসকীয় পক্ষৰ ৰণকৌশল ।অৱশ্যে এইক্ষেত্ৰত ১১ টা ৰাজনৈতিক দলৰ ঐক্যবদ্ধ সংগ্ৰামে বিপদত পেলাব পাৰে আজমলক ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.