জ্বলিছে হুগলী,জ্বলিছে ৰিচৰা

Share This Article

বিগত ৩০ মাৰ্চৰ পৰা অশান্ত হৈ আছে পশ্চিমবংগৰ কিছু কিছু অঞ্চল।ৰাজ্যখনৰ ঠায়ে ঠায়ে সংঘটিত এই হিংসাত্মক ঘটনাৰ বাবে বিজেপিয়ে তৃণমূলক আৰু তৃণমূলে বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।সোমবাৰে নিশা হোৱা ভয়ংকৰ সংঘৰ্ষৰ বাবে ৰে’ল যোগাযোগ ব্যাহত হৈছে অঞ্চলটোত।ৰাম নৱমী উদযাপনৰ সময়ত পশ্চিমবংগৰ কেইবাটাও স্থানত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছে।আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি সংঘৰ্ষজৰ্জৰ অঞ্চলত ইণ্টাৰনেট কৰ্তন কৰা হৈছে আৰু ১৪৪ ধাৰা বলবৎ কৰা হৈছে।
ইন্ধনজাতীয় বোমা দলিওৱাৰ দৰে ঘটনা সংঘটিত হৈছে ৰিচৰা ৰে’ল ষ্টেচনত।ৰে’ল লাইন ক্ষতিগ্ৰস্ত হৈছে আৰু যাৰ ফলত ৰে’ল যোগাযোগ বিছিন্ন হৈছে।এখন গাড়ীতো সোমবাৰে নিশাৰ ভাগত অগ্নি সংযোগ কৰিছে দুৰ্বৃত্তই।মঙলবাৰে আপোনাআপুনিভাৱেই বন্ধ হৈ পৰিছে হুগলী অঞ্চলটো।মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অহা বৃহস্পতিবাৰৰ হনুমান জয়ন্তী উপলক্ষে প্ৰশাসন তথা আৰক্ষীক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ জাৰি কৰিছে।বেনাৰ্জীয়ে কয় ‘ আমি সকলোৱে বজৰং বলিক উপাসনা কৰোঁ।কিন্তু সিহঁতে (BJP) আৰু যাতে কোনো কাৰণতে সন্ত্ৰাস সৃষ্টি কৰিব নোৱাৰে সেই বিষয়টোত গুৰুত্ব দিয়া হৈছে৷এই বিষয়টোত সকলোকে সতৰ্কও কৰি দিয়া হৈছে।’বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে মমতা বেনাৰ্জী চৰকাৰক এই সংঘৰ্ষৰ বাবে জগৰীয়া কৰিছে।এক টুইটাৰ বাৰ্তাত তেওঁ লিখিছে হাওৰা -বৰ্ধমানৰ মাজৰ ৰে’লসেৱা ব্যাহত হৈ আছে৷ৰে’লৱে প্ৰটেকচন ফৰ্চে ৰে’ল সেৱা পুনৰ আৰম্ভ কৰাৰ বাবে পদক্ষেপ ল’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।ৰিচৰা জিলা জ্বলি আছে কিন্তু তথাপিও মমতা বেনাৰ্জীৰ প্ৰশাসনে দীঘাত বন্ধ উদযাপন কৰি আছে।তাতেই মমতা বেনাৰ্জীয়ে তৃণমূল কংগ্ৰেছৰ কৰ্মীক উদ্দেশ্যি ভাষণো দিব।এয়াই মমতা বেনাৰ্জীৰ দায়িত্বশীলতা?’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.