ছেমখৰ চিনেমাৰ বিৰুদ্ধে গুৱাহাটীত ডিমাছা জনজাতিৰ অভিৱৰ্তন

Share This Article

আজি অসম সাহিত্য সভাৰ জয়ন্ত কুমাৰ- লখিমী বৰুৱা সদনত, ডিমাছা অধিকাৰ সুৰক্ষা কাৰ্য্যকৰী সমিতিয়ে ছেমখৰ চিনেমা খনৰ বিৰুদ্ধে এখনি অভিৱৰ্তন আয়োজিত কৰে। উক্ত সভাখন সভাপতিত্ব কৰে বিশিষ্ট ডিমাচা শিল্পী পদ্মা বাঠাৰিয়ে আৰু আঁত ধৰে যুৱ নেতা প্ৰনব দলেই। ছেমখৰ চিনেমা খনত ডিমাচা সকলৰ সংস্কৃতিক ভুলকৈ উপস্থাপন কৰাৰ বিৰুদ্ধে এটি শক্তিশালী প্ৰতিক্ৰিয়া আৰু আন্দোলন গঢ় লৈ উঠিছে আৰু বৃহত্তৰ ডিমাচা জনগনৰ দাবীক অসম চৰকাৰে উদ্দেশ্যপ্ৰনোদিত ভাৱে মান্যতা নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। উক্ত সভাত অসমৰ আৰু নাগালেণ্ডৰ ডিমাচা প্ৰতিনিধি উপস্হিত থকাৰ উপৰিও অসমৰ‌‌ বহু কেইজন বিশিষ্ট বুদ্ধিজীৱী, সাংস্কৃতিক শিল্পী, সংগ্ৰামী নেতৃত্ব তথা দল‌ সংগঠনৰ নেতৃত্ব উপস্থিত থাকে। সভাত উপস্থিত থাকে ড: দীনেশ বৈশ্য, ড: পৰমানন্দ মজুমদাৰ, হলিৰাম টেৰং, কিশোৰ কুমাৰ কলিতা, অনুপ চেতিয়া, নিৰংকুশ নাথ, আকাশ দলে, সনজিত হাজং,সদৌ ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ৰমেনসিং ৰাভা, শিল্পী দিব্যজ্যোতি কাকতি, নিখিল ভাৰত কৃষক সভাৰ অসম ৰাজ্য পৰিষদৰ ভাৰপ্ৰাপ্ত সম্পাদক জয়ন্ত গগৈ, খিলঞ্জীয়া মঞ্চ অসমৰ সভাপতি মৃণাল হাজৰিকা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শান্তনু বৰঠাকুৰ, কৃষ্ণ গগৈ, গণ নাট্য সংঘৰ বিপুল তালুকদাৰ,সদৌ হাজং ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীত হাজং, দেউৰী পিপলছ জাষ্টিছ ফ’ৰামৰ সম্পাদক হৰি প্ৰসাদ দেউৰী, ডিমাছা এপেক্স বডীৰ সভাপতি কল্যান ডাউলাগুপু,ডিমাছা সাহিত্য সভাৰ উপ সভাপতি মহন্ত লাংঠাচা, সদৌ ডিমাছা ছাত্ৰ সন্থাৰ সভাপতি নবীন জহৰী, ডিমাছা ছাত্র সন্হাৰ সাধাৰণ সম্পাদক প্রমিত চেংয়ুং, ডিমাছা নাইছো হাচম নাগালেণ্ডৰ নবীন হাচনো, হালালি ৱেলফেআৰ চচাঁইটিৰ সভাপতি দিলীপ নুনিচা, ডিমাছা মাদাৰছ এচ’চিএছনৰ সভানেত্ৰী বিমলা লাংঠাচা, লংকা জালাই হছমৰ উপদেষ্টা বিনয় হাপিলা।

সভাখনত ৰাজহুৱা প্ৰস্তাৱ পাঠ কৰে সুব্ৰত তালুকদাৰ আৰু মনোজ সিংহ ৰাজাই। অভিৱৰ্তনৰ প্ৰস্তাৱসমূহ:

*Dimasa Rights Protection Action Committee য়ে অনুষ্ঠিত কৰা অভিৱৰ্তনত আইমী বৰুৱা পৰিচালিত /নিৰ্মিত ছেমখৰ নামৰ চলচ্চিত্ৰখনৰ CBFC প্ৰমাণপত্ৰ বাতিল আৰু চলচ্চিত্ৰখনৰ প্ৰচাৰ বন্ধ কৰাৰ বাবে CBFCক দাবী জনোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰে।

*আজিৰ অভিৱৰ্তনে আইমী বৰুৱাই সংবাদমেল আৰু প্ৰচাৰ মাধ্যমৰ জৰিয়তে ডিমাছা জনজাতিৰ বিষয়ে ব্যক্ত কৰা অভিযোগ সমূহ ভুল বুলি স্বীকাৰ কৰি সেই কথা খিনি ৰাজহুৱা ভাৱে উঠাই লবলৈ দাবী জনাই।

*আজিৰ অভিৱৰ্তনে ছেমখৰ ছবিখনত ডিমাছা জনগোষ্ঠীৰ বিৰুদ্ধে হোৱা অন্যায় আৰু ভুল উপস্থাপনৰ বিষয়ে ঘোষণা কৰিবলৈ আৰু ছবিখনে লাভ কৰা বঁটা সমূহ প্ৰত্যাহাৰৰ দাবী জনাই আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ, চলচ্চিত্ৰ সমিতিসমূহক আৰু Federation of Film Societies of Indiaক আবেদন জনোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰে।

*এটি প্ৰতিনিধি দলে অসমৰ মাননীয় ৰাজ্যপাল, ডাঃ ৰণোজ পেগু, নন্দিতা গাৰ্লোচা, ভূৱন পেগু আৰু প্ৰমোদ বড়োৰ উপস্থিতিত জনজাতি পৰিক্ৰমা বিভাগক লগ কৰি সমগ্ৰ ডিমাছা জনগোষ্ঠীৰ হৈ জনগোষ্ঠীটোৰ বিৰুদ্ধে হোৱা অন্যায়সমূহৰ বিষয়ে উপস্থাপন কৰাৰ প্ৰস্তাৱ লোৱা হয়।

*আজিৰ অভিৱৰ্তনত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই ছেমখৰ ছবিখনত ডিমাছা জনগোষ্ঠীৰ বিৰুদ্ধে হোৱা অন্যায় আৰু ভুল উপস্থাপনৰ বিষয়ে মৌন থকাৰ বাবে উদ্বেগ প্ৰকাশ কৰে আৰু ছবিখনৰ নিৰ্মাতা সকলৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে উত্তৰ বিচাৰে।

*শেষত আজিৰ অভিৱৰ্তনত প্ৰস্তাৱ গ্ৰহণ কৰা হয় যে যদি ডিমাছা জনগোষ্ঠীয়ে প্ৰেৰণ কৰা দাবী সমূহ মানি লোৱা নহয়, Dimasa Rights Protection Action Committeeৰ প্ৰতিনিধিত্বত আগন্তুক দিনত অসমৰ বিভিন্ন দল, সংগঠন, সচেতন ৰাইজৰ সহযোগত পৰৱৰ্তী কাৰ্য্যসূচী সমূহ হাতত লোৱা হ’ব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.