চুৰাটলৈ ৰাহুল গান্ধী

Share This Article

আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাবলৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধী সোমবাৰে চুৰাটত উপস্থিত হোৱাৰ কথা।দলটোৰ এক বিশেষ সূত্ৰ অনুসৰি প্ৰাক্তন কংগ্ৰেছ সভাপতিগৰাকীয়ে আদালতৰ ৰায়টোত অন্তৰ্বতীকালীন স্থগিতাদেশৰ বাবে আৱেদন জনাব।উল্লেখ্য যে বিগত ২৩ মাৰ্চত চুৰাটৰ আদালতে দোষী সাব্যস্ত কৰিছিল কংগ্ৰেছ নেতাগৰাকীক।২০১৯ চনত লোকসভাৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত কোলাৰৰ এখন নিৰ্বাচনী সভাত দিয়া ভাষণত মোডী উপাধিক লৈ মানহানিকৰ মন্তব্য কৰা বুলি গুজৰাটৰ এগৰাকী বিধায়ক পূৰ্ণেশ মোডীয়ে চুৰাট আদালতত দিয়া গোচৰৰ ভিত্তিত দোষী সাব্যস্ত হয় ৰাহুল গান্ধী।ইয়াৰ পিছত ২৪ঘণ্টা পাৰ নৌহওঁতেই লোকসভা সচিবালয়ে তেওঁৰ সাংসদ পদ খাৰিজ কৰে।বিগত ২৬ মাৰ্চত পুনৰ তেওঁক চৰকাৰী বাসভৱন খালী কৰাৰ নিৰ্দেশ দিয়ে।ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ পিছত সমগ্ৰ দেশতেই কংগ্ৰেছ দলে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।দেশৰ মুঠ ১৭ টা বিৰোধী দলে এই প্ৰতিবাদত অংশ লৈছিল৷আনকি আপ আৰু তৃণমূল কংগ্ৰেছৰ দৰে কংগ্ৰেছৰ পৰা নিৰ্দিষ্ট দূৰত্ব বৰ্তাই ৰখা দলেও কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে গ্ৰহণ কৰা পক্ষপাতিত্ব মূলক আচৰণৰ বিৰোধিতা কৰি একেলগে প্ৰতিবাদ সাব্যস্ত কৰিছিল।অহি ৯ এপ্ৰিলত ৰাহুল গান্ধীয়ে পুনৰ কৰ্ণাটকৰ কোলাৰত ভাৰত জয়ৰ নতুন যাত্ৰা আৰম্ভ কৰাৰ কথা।যিডোখৰ ঠাইত ভাষণ দি ৰাহুল গান্ধীয়ে সাংসদ পদ,চৰকাৰী বাসভৱন সকলো হেৰুৱালে সেই ঠাইতেই ৰাহুলে আৰম্ভ কৰিব সমগ্ৰ ভাৰত জয়ৰ অভিযান।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.