Investigative reporting with dedication.

চাহৰ দৰে বিক্ৰী কৰিছে দেশ !
‘এসময়ত বিক্ৰী কৰিছিল চাহ’
‘চাহ বিক্ৰী যোগাৰ কৰিছিল ভাত’ ‘অভ্যাসটো থাকি গ’ল’
‘এতিয়া বিক্ৰী কৰিছে PSU’ এইয়া আমাৰ মন্তব্য নহয়,এই মন্তব্য এগৰাকী মন্ত্ৰীৰ।এনেদৰে কঠোৰ সমালোচনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।তেলেংগানাৰ শ্ৰম মন্ত্ৰী চি এইছ মল্ল ৰেড্ডীয়ে কঠোৰ ভাষাৰে সমালোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক৷ তেলেংগানা বিধানসভাত প্ৰধানমন্ত্ৰী মোডীক কঠোৰ ভাষাৰে সমালোচনা কৰে শ্ৰম মন্ত্ৰীগৰাকীয়ে।
মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী গৰাকীক সমালোচনা কৰি কয়’প্ৰধানমন্ত্ৰী মোডীয়ে চাহ বিক্ৰী কৰিছিল।প্ৰথমতে তেওঁ মুখ্যমন্ত্ৰী আছিল,পিছত তেওঁ দেশৰ প্ৰধানমন্ত্ৰী হ’ল।এইটো বৰ দুৰ্ভাগ্যৰ বিষয় যে আমি তেওঁক এতিয়া কোম্পানীৰ অধ্যক্ষ বুলি ভাবিবলগীয়া হৈছে।প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ সম্পদ বিক্ৰী কৰিছে।ৰাজহুৱা খণ্ডৰ সম্পত্তি তেওঁ বিক্ৰী কৰি শেষ কৰিলে। PSU বোৰ তেওঁ এসময়ত চাহ বিক্ৰী কৰাৰ দৰে বিক্ৰী কৰিছে।’




