চল চাই কঠীয়া পাৰিছে ড° হিমন্ত বিশ্ব শৰ্মাই !

Share This Article

‘হিন্দু একতা যাত্ৰা’ত অংশ ল’বলৈ তেলেংগানাত কৰ্ণাটকৰ ফলাফল ওলোৱাৰ পিছদিনাই উপস্থিত হ’লগৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ।ৰাজ্যখনত অনুষ্ঠিত হৈ থকা হিন্দু একতা যাত্ৰাত অংশ লৈ পুনৰ ধৰ্মক লৈ ভাষণ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই।শৰ্মাই তেওঁৰ ভাষণত কেৱল এক বিশেষ ধৰ্মৰ লোকক লক্ষ্য কৰি লয়।ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত কয় ‘ তেলেংগানাত ৰামৰাজ্য প্ৰতিষ্ঠা কৰা হ’ব।হিন্দু সকলক সুৰক্ষিত কৰা হ’ব।অসমত ইতিমধ্যে ৬০০ মাদ্ৰাছা ভাঙি পেলোৱা হৈছে৷এই বছৰৰ শেষৰফালেও আৰু কিছুসংখ্যক মাদ্ৰাছা ভঙা হ’ব।’ভাষণৰ মাজতে তেওঁ হায়দৰাবাদৰ সাংসদ ওৱেছীকো আক্ৰমণৰ লক্ষ্য কৰি লয়৷ড° শৰ্মাই লাভ জিহাদ,বহু বিবাহ আদি প্ৰসংগও দাঙি ধৰে।অসমৰ মুখ্যমন্ত্ৰীয়ে তেলেংগানাবাসীক ৰাজ্যখনৰ এক ধৰ্মীয় শোভাযাত্ৰাত অংশ লৈ ‘কেৰালা ষ্টৰী’ৰ কাহিনী কৈ,চিনেমাখন চাবলৈ অনুৰোধ জনালে।’কাশ্মীৰ ফাইলচ’,’কেৰালা ষ্টৰী’ক লৈ অত্যন্ত উৎসাহী আছিল বিজেপি দল৷প্ৰায়বোৰ বিজেপি শাসিত ৰাজ্যই কৰমুক্ত কৰি দিছিল চিনেমা দুখন।ইমানৰ পিছতো বক্স অফিচত মুখথেকেঁচা খাইছিল চিনেমা দুখনে।গুজৰাট নিৰ্বাচনৰ আগত ‘কাশ্মীৰ ফাইলচ’ আৰু কৰ্ণাটক নিৰ্বাচনৰ আগত ‘কেৰালা ষ্টৰী’ মুক্তি দি ভোটাৰৰ মাজত ভোট বিভাজন কৰিব বিচাৰিছিল বিজেপিয়ে।কিন্তু কৰ্ণাটকত এইক্ষেত্ৰত একেবাৰে সফল নহ’ল বিজেপি৷ঘৃণাৰ ৰাজনীতি কৰি বিজেপিয়ে কৰ্ণাটকত ৬৫ খন আসনহে মাত্ৰ লাভ কৰিলে।অসমৰ মুখ্যমন্ত্ৰীয়ে টিপু চুলতানৰ দৰে ঐতিহাসিক চৰিত্ৰকো ভাষণত উত্থাপন কৰিছিল কৰ্ণাটকত।উন্নয়ন,নিবনুৱা সমস্যা,দুৰ্নীতি আদিৰ দৰে মূল বিষয়বোৰৰ পৰা জনতাক আঁতৰাই ৰাখি কেৱল ধৰ্মক লৈ কৰা ৰাজনীতিক প্ৰাধান্য দিয়াৰ বাবেই কৰ্ণাটকত বিজেপি পৰাজিত হোৱা বুলি পতিয়ন গৈছে বিজেপিৰ শীৰ্ষ নেতৃত্ব।কিন্তু ইমানৰ পিছতো অসমৰ মুখ্যমন্ত্ৰীয়ে ধৰ্মৰ ট্ৰামকাৰ্ড খেলা আৰম্ভ কৰিছে তেলেংগানাত।উল্লেখ্য যে তেলেংগানাত অহা ডিচেম্বৰ মাহত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন।সেয়ে চল চাই কঠীয়া পাৰিবলৈ ‘হিন্দু একতা যাত্ৰা’কেই এক মঞ্চ হিচাপে গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ড° শৰ্মাই।কিন্তু শৰ্মাৰ এই কৌশলে বিজেপিক উপকৃত কৰে নে শ’লঠেকত পেলাই সেয়া অহা নিৰ্বাচনতহে স্পষ্ট হ’ব !

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.