গুজৰাটত খহিছে বিজেপিৰ দুৰ্গ!

Share This Article

গুজৰাট বিধানসভাৰ নিৰ্বাচনত মুঠ ৮৪ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল বিজেপিয়ে।মোডী -শ্বাহৰ ৰাজ্যত বিজেপিয়ে লাভ কৰিছিল নিৰংকুশ সংখ্যাগৰিষ্ঠতা।তচনচ হৈছিল বিৰোধী দল কংগ্ৰেছ। গুজৰাটত আপ জয়ী হ’লে মুখ্যমন্ত্ৰী ইছুদান গাদভী হ’ব বুলি ঘোষণা কৰা আপ দলেও নিজকে ৫ খন আসনতে সীমাবদ্ধ ৰাখিবলগীয়া হ’ল।মুঠতে বিগত বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ জয়জয়ময়ময় অৱস্থা হৈছিল গুজৰাটত।ইজনৰ পিছত সিজন জ্যেষ্ঠ নেতাই এৰিছে বিজেপি৷ দুৰ্নীতিক প্ৰশ্ৰয় দিছে বিজেপি চৰকাৰে,তাৰ বিৰোধিতা কৰিয়েই পদত্যাগৰ জোৱাৰ দলটোত।ৰাজ্যখনৰ ডাং জিলাৰ বিজেপিৰ সভাপতি দশৰথ পাৱাৰে পদত্যাগ কৰে বুধবাৰে৷পাৱাৰৰ পদত্যাগৰ পিছতেই ইজনৰ পিছত সিজনকৈ মুঠ ৯ জন জ্যেষ্ঠ নেতাই বিজেপি ত্যাগ কৰে৷ সভাপতি চি আৰ পাটিললৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে আটাইকেইজন নেতাই ।আশ্চৰ্যজনকভাৱে আটাই কেইজন বিজেপি নেতাই চৰকাৰী বিভাগৰ কাম কাজত অসন্তুষ্ট হোৱাৰ লগতে চৰকাৰী বিভাগত দুৰ্নীতিক প্ৰশ্ৰয় দিয়াৰ বিৰোধিতাৰে পদত্যাগ কৰা বুলি দলীয় নেতৃত্বক জনাইছে।উল্লেখ্য যে দশৰথ পাৱাৰে চৰকাৰৰ বিভিন্ন বিভাগত চলি থকা দুৰ্নীতি সম্পৰ্কত সংশ্লিষ্ট কৰ্তৃপক্ষক বহুতবাৰ জনোৱাৰ পিছতো কোনো পদক্ষেপ গ্ৰহণ নকৰাত তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হয় বুলি জনাইছে৷ইয়াৰ পাছতেই বিজেপি নেতা ক্ৰমে সঞ্জয় ব্যৱহাৰে,সংখ্যালঘু সভাপতি আশ্বিফ শ্বাহ,বিজেপিৰ অনুসূচিত জনজাতিৰ সভাপতি নৰেশ গভলী,অনুসূচিত জনজাতিৰ উপসভাপতি ৰাহুল বাৰ্চভ,মহিলা কোষৰ সভাপতি ৰেখা পাটেল,হেমন্ত খাৰে,বাঘাই তালুকাৰ বিজেপি সভাপতি সঞ্জয় পাটিলে ইতিমধ্যে ৰাজ্যিক সভাপতিলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ ।বিজেপিৰ আহৱা টালকাৰ সভাপতি সঞ্জয় ব্যৱহাৰে কয় ‘ মই বিগত ২০ বছৰ ধৰি দশৰথ পাৱাৰৰ লগত কাম কৰিছোঁ।প্ৰতিদিনেই তেওঁৰ কামৰ শৈলীৰ প্ৰতি আকৰ্ষিত হওঁ৷গতিকে এনেকুৱা এগৰাকী নিষ্ঠাবান কৰ্মীৰ কামৰ প্ৰতি থকা সন্মানক অৱমাননা কৰাটো আমিও সহ্য কৰিব পৰা নাই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.