খঙত অগ্নিশৰ্মা ৰিজিজু কিন্তু কিয়?

Share This Article

ৰাহুল গান্ধী চুৰাট আদালতলৈ যোৱাক লৈ তীব্ৰ অসন্তুষ্ট বিজেপি দল।কেইবাগৰাকীও বিজেপি নেতাই ৰাহুল গান্ধীৰ এই পদক্ষেপক কঠোৰ ভাষাৰে সমালোচনা কৰিছে৷গৰজি উঠিছে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজু।কংগ্ৰেছৰ চুৰাট আদালতলৈ যোৱা পদক্ষেপক ‘ নাটক ‘ আৰু ‘আইনী ব্যৱস্থাৰ ওপৰত চাপ ‘ সৃষ্টি কৰাৰ এক প্ৰক্ৰিয়া বুলি কঠোৰ সমালোচনা কৰিছে বিজেপিয়ে।উল্লেখ্য যে মোডী উপাধি সম্পৰ্কত কৰা মন্তব্যৰ বাবে ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানি গোচৰ তৰিছিল গুজৰাটৰ বিজেপিৰ বিধায়ক পূৰ্ণেশ মোডীয়ে।২০১৯ চনৰ এই গোচৰৰ চুৰাটৰ আদালতে ৰায় দান কৰে বিগত ২৩মাৰ্চত।আদালতৰ ৰায়ৰ পিছতে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাৰ লগতে হেৰুৱায় চৰকাৰী বাসভৱন।অৱশ্যে চুৰাটৰ আদালতে ২ বছৰ কাৰাদণ্ডৰ ৰায়ক প্ৰত্যাহ্বান জনোৱাৰ বাবে আদালতে ৩০ দিন সময় ধাৰ্য কৰি দিছিল ৰাহুল গান্ধীক।সেই অনুসৰি ৰায় ঘোষণা কৰাৰ ১০ দিন পাছত চুৰাট আদালতত পুনৰ আৱেদন জনোৱাৰ সিদ্ধান্ত লয় কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে ৷ইতিমধ্যে ৰাহুল গান্ধীয়ে এই গোচৰটোৰ জামিনো লাভ কৰিছে।আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে কঠোৰ ভাষাৰে সমালোচনা কৰিছে কংগ্ৰেছক৷ৰিজিজুৱে কয় ‘ তেওঁলোকে ন্যায়পালিকাক ভীতিপ্ৰদৰ্শন কৰিছে।মই ইয়াক কঠোৰ ভাষাৰে গৰিহণা দিছোঁ।যদি ন্যায়ালয়ে কাৰোবাক দোষী সাব্যস্ত কৰে,তেন্তে তাৰ বিৰোধিতা কৰাটো এখন নাটক।কংগ্ৰেছ দলে সেই বিশেষ পৰিয়ালটোক দেশৰো উৰ্ধত বুলি ভাৱে।’পুনৰ ৰিজিজুৱে কয় ‘ ৰাহুল গান্ধীয়ে শিশুসুলভ আচৰণ কৰিছে।তেওঁ ন্যায় ব্যৱস্থাৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব বিচাৰিছে।কোনো অপৰাধীয়েই নিজেই আৱেদনৰ বাবে যোৱাটো অনুচিত।’কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে টুইটাৰত ৰিজিজুৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লিখিছে ‘ যিজন ব্যক্তিয়ে ন্যায়ব্যৱস্থাক ভাবুকি দিয়ে,ন্যায়াধীশ তথা প্ৰাক্তন ন্যায়াধীশক ভাবুকি দিয়ে তেওঁৰ মুখত এনে কথাই শোভা নাপায় ।মোডীৰ শাসনত এনেকুৱা দুমুখীয়া স্থিতি গ্ৰহণ কৰা মানুহৰ অভাৱ নাই।’ৰিজিজুৱে পুনৰ কয় যে যেতিয়া ED এ কংগ্ৰেছৰ কোনোবা নেতাক সোধপোছৰ বাবে মাতে,কংগ্ৰেছীয়ে ED ৰ কৰ্যালয় ঘেৰাও কৰে,CBI এ মাতিলে CBI ৰ কাৰ্যালয় ঘেৰাও কৰে।যেতিয়া ন্যায়ালয়ে ৰায় দিয়ে তেওঁলোক ন্যায়ালয়লৈ যায়।এইধৰণৰ কাম কাজে দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোক ধ্বংস কৰিছে আৰু প্ৰতিগৰাকী লোকেই ইয়াক গৰিহণা দিয়া উচিত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.