কৰোনা ৰোগীক চিকিৎসাৰ বাবদ ৬.৩৪ লাখ টকাৰ বিল বিচৰাৰ বাবে ‘ছীল’ কৰা হ’ল প্ৰাইভেট হস্পিতাল

Share This Article

কৰোনা ৰোগীক চিকিৎসাৰ বাবদ ৬.৩৪ লাখ টকাৰ বিল দিয়াৰ বাবে ‘ছীল’ কৰা হ’ল এখন ব্যক্তিগত খণ্ডৰ হস্পিতাল। এই ঘটনা বিহাৰৰ। এজন ৪৮ বছৰীয়া কৰোনা ৰোগীৰ চিকিৎসাৰ বাবদ পাটনাৰ কানকেৰবাঘৰ JDM নামৰ এখন ব্যক্তিগত খণ্ডৰ হস্পিতালে ৬.৩৪ লাখ টকাৰ বিল বিচাৰিছিল। ইয়াৰ পিছতে বিহাৰ চৰকাৰে হস্পিতাল খন ছীল কৰাৰ লগতে হস্পিতাল খনৰ মেনেজিং ডাইৰেক্টৰ আৰু ডক্টৰৰ বিৰুদ্ধেও প্ৰতাৰণা, অপৰাধমূলক ষড়যন্ত্ৰৰ গোচৰ তৰিছে।

জানিব পৰা মতে কৰোনা ৰোগী জনৰ সম্পৰ্কীয় এজন লোকে জিলা প্ৰগ্ৰেম অফিচাৰৰ ওচৰত হস্পিতাল খনৰ বিৰুদ্ধে অভিযোগ দিয়াৰ পিছতে চৰকাৰে এই ব্যৱস্থা লয়। বিহাৰ চৰকাৰে ইয়াৰ লগতে পাটনাৰ আন ২৮ খন ব্যক্তিগত খণ্ডৰ হস্পিতালক কৰোনা ৰোগীৰ চিকিৎসাৰ বাবে লোৱা বিলৰ বিশদ ৰিপোৰ্ট বিচাৰি তলব কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.