ক’ৰোনা ভাইৰাছৰ লগত সহাৱস্থান কৰিয়েই জীয়াই থাকিব লাগিব!

Share This Article

ক’ৰোনা ভাইৰাছৰ লগত সহাৱস্থান কৰি কি দৰে বাচিব লাগিব, সেইয়া আমি শিকিব লাগিব৷ এই সময়ৰ সেইটোৱে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান’- এই মন্তব্য কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব লব আগৰৱাল৷ আজি এক সংবাদমেলত শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে এই বিশেষ ইংগিত দিছে। যুটীয়া সচিব লব আগৰৱালে লগতে কয় যে এই সময়ত ৰাইজৰ সহযোগিতাৰ প্ৰয়োজন। কোৰোণাৰ বিৰুদ্ধে যুঁজ এক কঠিন যুঁজ। তদুপৰি তেওঁ কয় যে জনসাধাৰণে জীৱন যাপনত কিছু সালসলনি ঘটাব লাগিব। জনদূৰত্ব বজাই ৰখাটো মানুহৰ দৈনন্দিন জীৱনৰ অংগ হিচাপে পৰিগণিত হব।
উল্লেখ্য যে দিল্লী এইমছৰ নিৰ্দেশক ডাঃ ৰণদীপ গুলেৰিয়াই জুন-জুলাই মাহত ক’ৰোনাৰ সংকট চৰম পর্যায় পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছিল৷ উল্লেখযোগ্য যে বিগত ২৪ ঘণ্টাত ৩,৩২০টা নতুন সংক্ৰমণৰ আৰু ৯৫জন লোকৰ মৃত্যৰ খবৰ আহিছে। ইয়াৰ লগে লগে সংক্ৰমণৰ ঘটনা ৫৯৬৬২টা আৰু মৃত্যুৰ সংখ্যা ১৯৮১টালৈ বৃদ্ধি পাইছে। ১৬ হাজাৰতকৈ অধিক লোক সংক্ৰমণৰ পৰা মুক্ত হৈছে। দেশত সংক্ৰমণমুক্তৰ হাৰ ২৯.৩৬ শতাংশ, যি হাৰ চৰকাৰৰ মতে অন্য বহু দেশৰ তুলনাত ভাল।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.