‘কোভিড-১৯’ ৰ প্ৰতিষেধক গংগাজল!

Share This Article

কোৰোণা মহামাৰীৰ সাম্প্ৰতিক পৰিস্থিতিত বিশ্বৰ বিজ্ঞানী, চিকিত্সক মহল ব্যস্ত হৈ আছে ‘কোভিড-১৯’ ভাইৰাছৰ নিৰ্মূলক লৈ। কিন্তু তেনে এক সময়তেই ভাৰতত গংগাজলৰ প্ৰসংগ উত্থাপিত হৈছে। দেশৰ ‘অতুল গংগা’ নামৰ এটা এনজিঅ’-এ কেন্দ্ৰীয় চৰকাৰৰ জল মন্ত্ৰালয়লৈ ৩ এপ্ৰিলত প্ৰেৰণ কৰিছিল এখন পত্ৰ। পত্ৰখনত স্বেচ্ছাসেৱী সংস্থাটোৱে মত ব্যক্ত কৰিছিল যে হিন্দুৰ পবিত্ৰ উপাসনাস্থলী গংগাৰ পানীয়ে কোৰোণা নিৰ্মূল কৰিব পাৰে।সংস্থাটোৱে উল্লেখ কৰামতে গংগাজলত ‘নিন্-জা ভাইৰাছ’ বা ‘বেক্টেৰিঅ’ফেজ’ নামৰ এবিধ ভাইৰাছ আছে । যি ভাইৰাছে অন্য ক্ষতিকাৰক বেক্টেৰিয়া ধ্বংস কৰিব পাৰে। এনেধৰণৰ যুক্তি দৰ্শাই কেন্দ্ৰীয় চৰকাৰৰ জল মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিছিল পত্ৰখন।আনহাতে National Mission for Clean Gangaৰ কৰ্তৃপক্ষইও অনুৰূপ যুক্তিৰে ৩০ এপ্ৰিলত ICMRলৈ প্ৰেৰণ কৰিছিল আন এখন পত্ৰ।
জল মন্ত্ৰালয়ে এই দুয়োখন পত্ৰৰ আধাৰতেই Indian Council of Medical Research চমুকৈ ICMRলৈ গৱেষণা কৰিবলৈ অনুৰোধ জনাইছিল। কিন্তু ICMRৰ কৰ্তৃপক্ষই এইসন্দৰ্ভত আলোচনা কৰে যদিও গৱেষণাৰ বাবে অমান্তি হয়। অৱশ্যে পৰৱৰ্তী সময়ত ICMR-এ এই ক্ষেত্ৰত আনুসংগিক সহায় কৰাৰ কথা জনায় স্বেচ্ছাসেৱী সংস্থাটোক।
কোভিড-১৯ ভাইৰাছ নিৰ্মূল কৰিব বুলি পাৰে বুলি অনা এনে কথাই এতিয়া জনসাধাৰণৰ মাজত কৌতুহূলৰ সৃষ্টি কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.