কেৱল বিজেপিৰ বাবেহে অৰুণোদয়

Share This Article

শিৱসাগৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণাত বহিল অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলা।ৰাজপথতেই জিলা উপায়ুক্তক অভিযোগ ভুক্তভোগী মহিলাৰ।
বিজেপি দলৰ ১০০ টকীয়া টিকট লৈও লাভ নকৰিলে অৰুণোদয়ৰ আঁচনিৰ ধন।দৰিদ্ৰ মানুহৰ পৰিৱৰ্তে ধনী আৰু বিজেপি দলীয় কৰ্মীয়ে লাভ কৰিছে অৰুণোদয়ৰ আঁচনি আৰু ঘৰ। এই অভিযোগ প্ৰতিবাদকাৰী মহিলাৰ।আজি অৰুণোদয় আঁচনি আৰু পকী ঘৰৰ নামত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে শিৱসাগৰৰ বিভিন্ন পঞ্চায়তৰ কেইবাশতাধিক মহিলাই শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।বঞ্চিত মহিলাসকলৰ অভিযোগ দুখীয়াৰ পৰিৱৰ্তে ধনী মানুহ, পকীঘৰ থকা মানুহে ঘৰত এচি গাড়ী থকা, আৰু বিজেপি দলৰ কৰ্মীয়েহে লাভ কৰিছে অৰুণোদয় আঁচনি। ঘৰে ঘৰে গৈ গাঁও প্ৰধান আৰু চৰকাৰী বিষয়াই চাৰ্ভে কৰাৰ পিছতো প্ৰকৃত হিতাধিকাৰীয়ে অৰুণোদয়ৰ আঁচনি আৰু চৰকাৰী ঘৰ লাভ নাই বুলি অভিযোগ কৰে ভুক্তভোগী ৰাইজে।ইপিনে প্ৰতিবাদকাৰী মহিলাসকলৰ লগত থিয় দিলে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। বিজেপিৰ দূৰ্নীতি, গুণ্ডাগিৰি আৰু সহ্য কৰা নহ’ব বুলি হুংকাৰ প্ৰদান কৰে শৃংখল চলিহাই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.