কেকোঁৰাই চেপাদি চেপিছে,কুঁহিয়াৰ পেৰাদি পেৰিছে মোডীয়ে

Share This Article

মোডীৰ অমৃতকালৰ কেকোঁৰাচেপাত বিধ্বস্ত দেশবাসী অমৃতকালৰ অভিশাপ কঢ়িয়াবলৈ সাজু নে আপুনি? অমৃতকালৰ ভয়ংকৰ অভিশাপ জাপি দিলে খোদ মোডী চৰকাৰেই।কাৰণ, ঔষধৰ দাম বাঢ়িল। পৌৰ কৰ বাঢ়িল। বিদ্যুতৰ ফিক্সড চার্জ বাঢ়িল। পুনৰ বাঢ়িল টোল কৰ। এক ভয়াবহ অৱস্থা।  কাৰণ ভাল দিন, পৰিবৰ্তনৰ দিনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ হিপ’ক্রেছী ক্ৰমাৎ স্পষ্ট হৈ পৰিছে। হঠাৎ ১২.৫ শতাংশ পৰ্যন্ত জীৱনদায়িনী অত্যাৱশ্যকীয় ঔষধৰ দাম বৃদ্ধিৰ সিদ্ধান্ত লোৱা হ’ল। হতবাক হৈ পৰিল মানুহ। ঘৰখন বুলিলেই সাধাৰণ ঔষধ কেইপদ প্ৰায় অত্যাৱশ্যকীয় হৈ পৰিছে। নিত্য-প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ পৰা ৰন্ধন গেছৰ দামলৈকে সকলো সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰা মানুহৰ মূৰত ই আকৌ এটা প্ৰচণ্ড ৰামটাঙোন। কেৱল ঔষধেই নহয়। হঠাৎ ভূতৰ ওপৰত দানহ পৰাদি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল যে বিদ্যুতৰ ফিক্সড চার্জ বৃদ্ধি হ’ব ১ এপ্ৰিলৰ দিনটোৰ পৰাই। ৰাজ্যজুৰি পৌৰ কৰ বৃদ্ধি হ’ব ২৫ শতাংশ পৰ্যন্ত। কেৱল সেয়াই নহয় ৰাজ্যৰ ৭ খন টোল প্লাজাই ১ তাৰিখৰ পৰা বৃদ্ধি কৰিব টোল। মুঠৰ ওপৰত চাৰিও ফালৰ পৰা কেকোঁৰা চেপা দিছে মোডীৰ অমৃতকালে। কি এক প্ৰচণ্ড চেপা মানুহক। অক্টোপাছৰ দৰে চেপি আনিছে সকলো। দাম বাঢ়িল… কৰ বাঢ়িল। এবছৰৰ ভিতৰতে সৰ্বোচ্চ ১২ শতাংশ পৰ্যন্ত মহঙা হৈ পৰিল ঔষধৰ দাম।পেৰাচিটামলৰ পৰা গৰ্ভনিৰোধক ঔষধলৈ দাম বাঢ়িল৷প্রয়োজনীয় এন্টিবায়’টিকৰ দাম বাঢ়িল। কেন্সাৰ, টিবি, মেলেৰীয়াৰ ৰোগৰো দাম বাঢ়িল ভয়াবহ ৰূপত। আৰু এনেকৈয়ে মহঙা হৈ পৰিল দৰবৰ বজাৰখন। কেৱল এয়াই নহয় বিদ্যুতৰ ফিক্সড চার্জ বৃদ্ধিয়েও মাৰিব এক অদ্ভুত মাধমাৰ।হঠাৎ অহা পৌৰ কৰ বৃদ্ধিৰ সিদ্ধান্তইয়ো বিপাঙত পেলাব মানুহক। এইবাৰ আহোঁ টোলকৰৰ কথালৈ। এক এপ্ৰিলৰ পৰা ৰাজ্যৰ ৭ খন টোলগেটৰ বাঢ়িব টোলকৰ।লঘু যান-বাহনৰ ক্ষেত্ৰত ১৩০ টকাৰ পৰা ২০০ টকা পৰ্যন্ত বৃদ্ধি।বাণিজ্যিক সামগ্ৰী পৰিবাহী বাহন- মিনিবাছৰ ক্ষেত্ৰত ২১০ টকাৰ পৰা ৩২৫ টকা পৰ্যন্ত বৃদ্ধি। বাছ বা ট্ৰাকৰ ক্ষেত্ৰত ৪৪০ টকাৰ পৰা ৬৮০ টকা পৰ্যন্ত বৃদ্ধি।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.