কি চলিছে মুখ্যমন্ত্ৰীৰ সোঁহাত তুলিৰামৰ কাৰ্বি আংলঙত?

Share This Article

দুৰ্নীতিৰ কথা ক’লেই যাব লাগে জে’ললৈ !মুখ্যমন্ত্ৰীৰ চামচা হিচাপে সফল কিন্তু দুৰ্নীতি নিবাৰণত বিফল ! দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি গ্ৰেপ্তাৰ হ’ল এগৰাকী যুৱনেতা।দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰীয়ে যিমানেই দম্ভালি মাৰি নাথাকক অসমৰ বিভিন্ন প্ৰান্তত চলিয়েই আছে দুৰ্নীতি।আনকি স্বয়ং শাসক দলৰ নেতা-নেত্ৰীয়েই চাকৰিৰ নামত ধন সংগ্ৰহ কৰাৰ অপৰাধত জে’ললৈ যাবলগীয়া হৈছে এইখন অসমত।অসমৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙত বিভিন্ন বিভাগত চলা পৰ্বতসম দুৰ্নীতিৰ বিষয়টো সৰ্বজনবিদিত।কাৰ্বি আংলঙত প্ৰায়বোৰ বিভাগতেই দুৰ্নীতি হয় আৰু ইয়াৰ বিৰুদ্ধে মাত মাতিলেই নানান অজুহাতত গ্ৰেপ্তাৰ বৰণ কৰিবলগীয়া হয়।শেহতীয়াকৈ ‘কাৰ্বি নেচনেল য়ুথ কাউন্সিল'(KNYC)ৰ সভাপতিক পদ্ম টেৰণক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।উল্লেখযোগ্য যে চাৰি লেনযুক্ত পথৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ মূল্য আজিও পোৱা নাই একাংশ মাটিৰ গৰাকীয়ে।চৰকাৰ তথা স্বায়ত্ত্বশাসিত পৰিষদক বহুতবাৰ অনুৰোধ কৰাৰ পিছতো কোনো ফল নধৰাত সেই ভুক্তভোগী লোকসকলক লৈ সংগঠনটোৱে কাৰ্বি আংলং অটন’মাচ কাউঞ্চিলৰ সন্মুখত গ্ৰহণ কৰিছিল ধৰ্ণা কাৰ্যসূচী।তেওঁ আনকি পৰিষদৰ ভূমি আৰু ৰাজহ বিভাগৰ কাৰ্যবাহী অমৰসিং তিছ’ৰ বাবেই ভুক্তভোগীয়ে ধন লাভ নকৰা বুলি প্ৰতিবাদ জনাই তেওঁৰ পুত্তলিকাও দাহ কৰিছিল।ইয়াৰ পিছতেই ডিফু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পদ্ম তেৰণক।ইফালে পদ্ম টেৰণক গ্ৰেপ্তাৰক লৈ আশ্চৰ্য প্ৰকাশ ভূমিৰ ক্ষতিপূৰণ লাভ পৰা বঞ্চিত মাটিৰ গৰাকীসকলে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.