কিয় ক্ষমা খুজিলে বহুবল্কী বিজেপি প্ৰবক্তা সম্বিত পাত্ৰাই?

Share This Article

বহুবল্কী বিজেপি প্ৰবক্তাই টেলিভিছনৰ এক বিতৰ্কিত কৰা তেওঁৰ মন্তব্যৰ বাবে ক্ষমা খুজিছে। সাধাৰণতে লাগ বান নোহোৱা কথাৰে টিভি বিতৰ্কত প্ৰতিপক্ষক হাৰাশাস্তি কৰা সম্বিত পাত্ৰাই এনেদৰে ক্ষমা বিচৰা নজিৰ তেনেই দুৰ্লভ।

যোৱা কালি India Today নামৰ নিউজ চেনেলটোৰ এক বিতৰ্কত এংকৰ ৰাজদীপ চাৰদেশাইক কংগ্ৰেছৰ “চামচা” অৰ্থাৎ ভীত্ব বুলি অভিহিত কৰিছিল সম্বিত পাত্ৰাই। তাৰপিছতে আজি সেই ভিডিও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছত টুইট যুগে ক্ষমা বিচাৰে সম্বিত পাত্ৰাই। তেওঁ টুইট কৰি ক্ষমা বিচাৰে আৰু কয় যে ইয়াৰ জৰিয়তে তেওঁৰ কাকো মনক আঘাত দিয়াৰ অভিপ্ৰায় নাছিল। তেওঁ উত্তেজিত হৈ তেনে কৰা বুলিও কয় নিজৰ টুইটত।

উক্ত টুইটটো ৰিটুইট কৰি ৰাজদীপ চাৰদেশায়ে কয় যে “Its ok, মই কাৰো চামচাও নহয়, ভক্তও নহয়। আপুনি হয়তো ভাবিছিল আপুনি আন কোনো চেনেলত আছে যত বিৰোধীক কথা কোৱাৰ সুবিধা দিয়া নহয়। পিছলৈ আপুনি যাতে আপোনাৰ বিৰক্তিৰ প্ৰতিফলন ৰাজনৈতিক প্ৰতিদ্বন্দীকহে কৰে, অসহায় আম্পায়ৰক নকৰে মন দিব।”

Share This Article
The CrossCurrent Bureau
The CrossCurrent Bureau