কাশ্মীৰ সমস্যাক লৈ মাত মতাৰ অধিকাৰ আমাৰ আছেঃ তালিবান

Share This Article

আফগানিস্তানত চৰকাৰ গঠন কৰাৰ পিছতেই এতিয়া ইউ টাৰ্ণ মাৰিছে তালিবানে। ইয়াৰ পূৰ্বে আফগানিস্তান দখল কৰোতে কাশ্মীৰ সমস্যাক লৈ তালিবানে ঘোষণা কৰিছিল যে কাশ্মীৰ ভাৰত আৰু পাকিস্তানৰ আভ্যন্তৰীণ বিষয় গতিকে তালিবানে কাশ্মীৰ সম্পৰ্কে মন্তব্য কৰাৰ পৰা বিৰত থাকিব। তালিবানে দাবী কৰিছিল যে এইটো এটা দ্বিপাক্ষিক সমস্যা গতিকে তেওঁলোকৰ ইয়াত ক’বলৈ একো নাই। কিন্তু বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ এক বিশেষ সাক্ষাৎকাৰত ১৫ আগষ্টত তালিবানে প্ৰকাশ কৰা মন্তব্যৰ বিপৰীতে মুখপাত্ৰ সুহেল শাহিনে কয় যে – ভাৰতৰ কাশ্মীৰ সহ মুছলমান সকলৰ যিকোনো দাবীক লৈ তালিবানৰ সৰৱ হোৱাৰ অধিকাৰ আছে। অৱশ্যে এই মন্তব্য দিয়াৰ কৰাৰ কিছু সময় পিছতে সুৰ সলনি কৰি সুহেলে উল্লেখ কৰে যে – কাশ্মীৰৰ মুছলমান সকল ভাৰতৰে নাগৰিক। তেওঁলোকে আইন অনুসৰি সম অধিকাৰ পোৱা উচিত। কিন্তু বহু ক্ষেত্ৰত মুছলমান সকল বঞ্চিত হৈছে।
ইফালে আফগানিস্তানৰ মাটি তালিবানৰ ঔৰসত সন্ত্ৰাসবাদী সংগঠনে ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰিছে ভাৰতীয় চোৰাংচোৱা সংস্থা আৰু প্ৰশাসনে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.