কথাৰ কটাকটি,জ্বলাই দিলে ৰে’ল

Share This Article

দেওবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ ঘটনা।কেৰালাৰ ক’জিকৰেৰ ইলাথুৰ ষ্টেচনত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা।এজন যাত্ৰীয়ে সহযাত্ৰীৰ লগত হোৱা বাকবিতণ্ডাৰ বাবে জ্বলাই দিয়ে এটা ডবা।অগ্নিকাণ্ডৰ ফলত ৩জন লোক নিহত আৰু ৮ জন লোক গুৰুতৰভাৱে আহত হয়।নিহত ৩গৰাকীৰ ভিতৰত আছে এটি শিশুও।আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও প্ৰকৃত দোষীক বিচাৰি উলিয়াব পৰা নাই।ৰে’ল বিভাগৰ এক সূত্ৰৰ উদ্ধৃতি দি আৰক্ষীয়ে জনাইছে যে আল্লাপুঝা -কান্নুৰ এক্সিকিউটিভ এক্সপ্ৰেছৰ চেইন টানি দোষী ব্যক্তিজন নামি যোৱাৰ সম্ভাৱনাই অধিক।ঘটনাটো সোমবাৰে নিশাৰ ভাগত সংঘটিত হৈছিল।এগৰাকী জ্যেষ্ঠ ৰে’ল বিভাগৰ বিষয়াই জনোৱা মতে ‘ দোষী ব্যক্তি জন ঘটনা সংঘটিত কৰাৰ পিছতে পলাই সাৰে।আহত লোকসকলক ৰে’লৱে চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছে ।অৱশ্যে ৰে’লখন কিছু পলম হৈছে যদিও কিন্তু যাত্ৰা ব্যাহত হোৱা নাই।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.