ক’ত লুকাল সেই উমাল গ্ৰীটিংছ কাৰ্ডবোৰ ?

ক্ৰমাৎ ইতিহাস হোৱাৰ দিশে গ্ৰীটিংছ কাৰ্ড।তাহানিৰ গ্ৰীটংছ কাৰ্ড এতিয়া হ’লগৈ ই-কাৰ্ড।হয়,যুগৰ পৰিৱৰ্তন হোৱাৰ লগে লগে সলনি হৈছে মানুহৰ ৰুচি-অভিৰুচি।ভাল লগা বহু বস্তু সময়ৰ সোঁতত হেৰাই গৈছে। তাৰে এটা প্ৰমাণ ইংৰাজী নৱবৰ্ষৰ এই সময়।নৱবৰ্ষৰ প্ৰাকক্ষণত নিজৰ আপোনজন বা বন্ধু-বান্ধৱীক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰাৰ অন্যতম মাধ্যম আছিল গ্ৰীটিংছ কাৰ্ড।কিন্তু বৰ্তমান সময়ত কৰ’বাত যেন হেৰাই গ’ল এই গ্ৰীটিংছ কাৰ্ড।বৰ্তমান ই-কাৰ্ডৰ যুগ।য’ত স্থান পাইছে ৱাটচআপ, ফেচবুক, টুইটাৰ, ইষ্টাগ্ৰাম, টেলিগ্ৰাম আদিৰ দৰে হাজাৰ মাধ্যম।মাত্ৰ আঙুলি টিপিয়েই ছেকেণ্ডৰ ভিতৰত পঠাব পাৰে নৱবৰ্ষৰ শুভেচ্ছা।আৰু গ্ৰীটিংছ কাৰ্ড! ৮০- ৯০ দশকত ইংৰাজী নৱবৰ্ষত প্ৰিয়জনক শুভেচ্ছা প্ৰদান কৰা এই গ্ৰীটিংছ কাৰ্ড এতিয়া ইতিহাস হোৱাৰ দিশত। সময়ৰ সোঁতত প্ৰায় নোহোৱা হৈছে গ্ৰীটিংছ কাৰ্ডৰ প্ৰচলন।দোকানলৈ গৈ হাজাৰ হাজাৰ গ্ৰীটিংছ কাৰ্ডৰ মাজৰ পৰা নিজৰ আপোনজনলৈ বাচি আনি তাত নিজ হাতে শুভেচ্ছা বাৰ্তা লিখাৰ মাদকতাই সুকীয়া আছিল।সেই সময়ত বিপনীসমূহত গ্ৰীটিংছ কাৰ্ড ক্ৰয়ৰ বাবে ভিৰ কৰিছিল গ্ৰাহকে।কিন্তু এতিয়া ই যেন এক সপোন। এইদৰে উকা হৈ ৰৈছে বিপনী সমূহ।নৱবৰ্ষৰ শুভেচ্ছা জনাই বহুজনে দূৰত থকা আপোন জনক ডাক যোগে প্ৰেৰণ কৰিছিল গ্ৰীটিংছ কাৰ্ড।ইপিনে বহুজনে ৰৈ আছিল নিজৰ আপোনজনে মৰমৰ ভাষাৰে পঠোৱা শুভেচ্ছাবাণীৰ আশাত।বৰ্তমান নৱ প্ৰজন্মৰ মাজত গ্ৰীটিংছ কাৰ্ডৰ জনপ্ৰিয়তা নাই যদিও ৮০/৯০ দশকৰ সেই দিন বিলাক সোঁৱৰি নষ্টালজিক হৈ পৰে বহুজন।সকলোৱে বিচাৰে পুৰণি সেই দিন যেন পুনৰ উভতি আহক।পুনৰ প্ৰচলন হওক সময়ৰ সোঁতত হেৰাই যাব ধৰা গ্ৰীটিংছ কাৰ্ড।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296