সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

এনকাউণ্টাৰ : যিবোৰ প্ৰশ্নৰ উত্তৰ নিদিলে উচ্চ ন্যায়ালয়ে

 

ভুৱা এনকাউণ্টাৰৰ ঘটনাৰ উচিত তদন্ত বিচাৰি অধিবক্তা আৰিফ জৱাদ্দাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদন খাৰিজ কৰি দিয়ে ন্যায়ালয়ে ৷ ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখনক ‘অপৈনত’ আখ্যা দি ন্যায়ালয়ে এই আবেদনখন খাৰিজ কৰি দিয়ে ৷ কিন্তু ন্যায়ালয়ৰ ৰায়দানত প্ৰতিফলিত হৈছে কেবাটাও উদ্বেগজনক দিশ৷
ন্যায়ালয়ৰ ৰায়দানত স্পষ্ট ভাষাৰে উল্লেখ আছে যে অসম চৰকাৰে ২০২২ চনৰ ৮ ফেব্ৰুৱাৰীত দাখিল কৰা শপতনামাত স্বীকাৰ কৰিছে যে ২০২১ চনৰ মে’ মাহৰ পৰা ২০২২ চনৰ জুন মাহলৈ আৰক্ষীৰ জিম্মাত বা আৰক্ষীৰ হাতত ৫১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৩৯ জন আহত হৈছে ৷ আৰক্ষীৰ হাতত নিহত বা আহিত হোৱা ঘটনা সন্দৰ্ভত ৩১ খন জিলাত ৰুজু হৈছে ১৬১ খন এজাহাৰ ৷ ২০২২ চনৰ ২৯ ছেপ্তেম্বৰত অসম চৰকাৰে দাখিল কৰা আন এখন শপতনামাত এইদৰে উল্লেখ কৰে যে আগষ্ট মাহ পৰ্যন্ত আৰক্ষীৰ হাতত হতাহত হোৱাৰ ১৭১ টা ঘটনা সংঘটিত হৈছে ৷ আৰক্ষীৰ হাতত মৃত্যু হৈছে ৬০ গৰাকী লোকৰ ৷ আহত হৈছে ১৪৫ গৰাকী অভিযুক্ত ৷ এই ঘটনাসমূহৰ বিপৰীতে ৰুজু হৈছে ১৭১ খন এজাহাৰ ৷

- Donation -

ন্যায়ালয়ৰ মজিয়াত অসম চৰকাৰে এনকাউণ্টাৰৰ ঘটনাক মুকলিকৈ স্বীকাৰ কৰি লোৱা বুলিও ৰায়দানত উল্লেখ আছে ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়টোত এইবুলিও কোৱা হৈছে যে অসম চৰকাৰৰ মহাধিবক্তাই ভুৱা এনকাউণ্টাৰৰ ঘটনাক কেতিয়াও অস্বীকাৰ কৰা নাই ৷ কিন্তু তেওঁ একেসময়তে এইবুলিও উল্লেখ কৰিছে যে আৰক্ষীৰ হাতত বা আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা ঘটনা অসম চৰকাৰে সঠিকভাৱে নীৰিক্ষণ কৰি আছে ৷ যদি কোনো আৰক্ষী বিষয়া দোষী সাব্যস্ত হয় বা কাৰোবাৰ অপৰাধ ধৰা পৰে তেনেহ’লে চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব ৷ অসম চৰকাৰৰ মহাধিবক্তাই ন্যায়ালয়ক অৱগত কৰে যে অসম আৰক্ষীয়ে নগাওৰ এনকাউণ্টাৰৰ ঘটনা সন্দৰ্ভত ঘটনাত জড়িত আৰক্ষীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষী বিষয়াক গ্ৰেপ্তাৰো কৰিছে ৷ এজন এজন অভিযুক্ত তিনি মাহৰ বাবে কাৰাগাৰতো আছিল ৷ মহাধিবক্তাগৰাকীয়ে এইবুলিও অৱগত কৰে যে এনকাউণ্টাৰৰ ঘটনাসমূহ তদন্তৰ আওতাত আছে ৷ গতিকে এই আবেদনখন ‘অপৈণত’ ৷

অসম চৰকাৰে ন্যায়ালয়ত এনকাউণ্টাৰৰ ঘটনাক স্বীকাৰ কৰি লোৱাৰ পাছত ন্যায়ালয়ে উদ্বিগ্নতা প্ৰকাশ কৰি কৈছে – যদি আৰক্ষীৰ জিম্মাত থকা অৱস্থাত কোনো অভিযুক্ত এনকাউণ্টাৰৰ সন্মুখীন হৈছে তেন্তে সমাজৰ বাবে এয়া উদ্বিগ্নতাৰ কাৰণ ৷ কিন্তু এই কথাও অস্বীকাৰ কৰিব পৰা নাযায় যে আইন অনুসৰি কৰা সঠিক তদন্তই সকলো ঘটনাৰ সত্যাসত্য পোহৰলৈ আনিব ৷

ন্যায়ালয়ে নিজৰ ৰায়ত বাৰম্বাৰ উল্লেখ কৰিছে যে অসম চৰকাৰে ভুৱা এনকাউণ্টাৰৰ ঘটনাক কেতিয়াও অস্বীকাৰ কৰা নাই ৷ আনকি আৰক্ষীৰ হাতত বা আৰক্ষীৰ জিম্মত হতাহত হোৱা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰা বুলিও স্বীকাৰ কৰিছে ৷ কিন্তু তাৰ পাছতো ভুৱা এনকাউণ্টাৰ সন্দৰ্ভত দাখিল কৰা আবেদনক অপৈনত আখ্যা দি খাৰিজ কৰি দিছে ৷
আবেদনকাৰীয়ে বিচাৰিছিল – ভুৱা এনকাউণ্টাৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰা হওক ৷ কিন্তু ন্যয়ালয়ৰ চকুত এই আবেদন ‘পৈনত ‘ নহয় ৷ প্ৰশ্ন হয় – আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে আৰু আৰক্ষীৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে এই যুক্তি কেনেকৈ ‘পৈণত’ হ’ল ? কেনেকৈ আৰক্ষীৰ বিৰুদ্ধে আৰক্ষীয়ে কৰা তদন্তই সত্য উদ্ঘাটন কৰিব বুলি পতিয়ন গ’ল ন্যায়ালয় ? একমাত্ৰ নগাওৰ ঘটনা সন্দৰ্ভত ব্যৱস্থা লোৱা বুলি জনাতেই ন্যায়ালয় চৰকাৰৰ ভূমিকাক লৈ আশ্বস্ত হ’ল ৷ কিন্তু সন্মানীয় ন্যায়ালয়ে জানে যে নগাওৰ এনকাউণ্টাৰৰ পাছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল ৷ তাৰ পাছত অসম চৰকাৰে তদন্ত আয়োগ গঠন কৰিছিল ৷ সেই তদন্ততহে সত্য উদ্ঘাটন হৈছিল ৷ তাৰ আগলৈকে নীৰিহ যুৱকক আৰক্ষীয়ে ড্ৰাগছ পেডলাৰ বুলিয়েই আখ্যা দি আহিছিল ৷ মাত্ৰ এটা ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ততেই আৰক্ষীৰ দোষ ধৰা পৰিছে , তেনেহ’লে অনুৰূপ ১৭১ টা ঘটনাৰ তদন্ত ন্যায়াধীশৰ নীৰিক্ষণত হোৱাত কি আপত্তি আছিল ? আৰক্ষীয়ে ৰুজু কৰা ১৭১ খন আবেদনৰ তদন্তৰ অগ্ৰগতি কিয় জনাৰ আগ্ৰহ নহ’ল মহামান্য ন্যায়ালয়ৰ ?

এনে অনেক প্ৰশ্নৰ উত্তৰ ন্যায়ালয়ৰ পৰা নাপালে আবেদনকাৰী অথবা ন্যায় বিচৰা জনতাই ৷ ন্যয়ালয়ে কেৱল এইটোকেই কৈ দায়িত্ব সামৰিলে যে অভিপ্ৰায়েৰে কৰা হত্যা আৰু গভীৰ আঘাত দুয়োটাই আই পি চি অনুসৰি শাস্তিযোগ্য অপৰাধ ৷ এবাৰ এজাহাৰ দাখিল হোৱাৰ পাছত আইনে নিজৰ বাট ল’ব ৷ যদি কোনো ব্যক্তি দোষী প্ৰমাণিত হয় , তেনেহ’লে আইন অনুসৰি ব্যৱস্থা লোৱা হ’ব ৷ অসম চৰকাৰেও এই আবেদনৰ লগত সম্পৰ্ক থকা ১৭১ টা ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ৷ চৰকাৰৰ ভূমিকাত ইমানেই আশ্বস্ত হ’ল ন্যায়ালয় যে এই এজাহাৰৰ তদন্ত কিমান আগবাঢ়িছে সেয়াও জনাৰ আগ্ৰহ নহ’ল ৷ আৰক্ষীয়ে এনকাউণ্টাৰ কৰিব আৰু আৰক্ষীয়েই আৰক্ষীৰ বিৰুদ্ধে তদন্ত কৰিব , ইয়াতেই যেন শেষ হৈ যায় ন্যায়ৰ বাট ৷ অন্তত: গুৱাহাটী উচ্চ ন্যায়ালয়ে যেন তাকেই বুজাই দিলে ৷

Leave A Reply

Your email address will not be published.