এদল গঞাৰ প্ৰচেষ্টাত প্ৰাণ পাইছে এখন ঝাও অৰণ্যই

Share This Article

এখন গাঁৱৰ ৰাইজৰ এটা প্ৰশংসনীয় পদক্ষেপ । কোনেও ক’তো ভাৱিব নোৱাৰা এটা মননশীল চিন্তা এখন গাঁওবাসীৰ। গাঁওখনৰ এই মননশীল ধাৰণা এতিয়া হৈ পৰিছে সকলোতে আদৰণীয়। নৈৰ বালি চৰত গজি উঠা ঝাও গছ সংৰক্ষণৰে প্ৰকৃতি প্ৰেমৰ এক অপূৰ্ব নিদৰ্শন দাঙি ধৰিছে গাঁওখনৰ ৰাইজে। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এখন গাঁৱৰ ৰাইজৰ এই বাস্তৱধৰ্মী ধাৰণা।যি সময়ত একাংশই গছ বন কাটি তহিলং কৰি প্ৰকৃতিৰ লগতে বায়ুমণ্ডলক এক অস্থিৰ ৰূপ দিছে ঠিক তেনে এক সময়তে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এইখন গাঁৱৰ লোকে লোৱা পদক্ষেপ এতিয়া হৈ পৰিছে সকলোতে আদৰণীয়, প্ৰশংসনীয় ।সাধাৰণতে সাম্প্ৰতিক সময়ত ৰাজ্য কিম্বা দেশতেই নহয় সমগ্ৰ বিশ্বতে হোৱা জনসংখ্যা বৃদ্ধিৰ ফলতেই হওঁক বা নিজৰ সামান্য সুবিধা আদায়ৰ বাবেই হওঁক অধিকাংশই গছ বন কটাৰ লগতে প্ৰাকৃতিক সম্পদ সমূহ বিভিন্ন কাৰণত ধ্বংস কৰি আহিছে ।তাৰে মাজত আকৌ বহুজনে প্ৰাকৃতিক ভাৰাসাম্য ৰক্ষা কৰাৰ স্বাৰ্থত বৃক্ষ ৰোপন, গছ প্ৰতিপালন আদিকে ধৰি বহুধৰণে প্ৰকৃতিৰ হকে কাম কৰি আহিছে । লখিমপুৰ জিলাৰ নাৰায়ণপুৰ নগৰৰ পৰা প্ৰায় সাত কিলোমিটাৰ নিলগত অৱস্থিত এখন মিচিং জনবসতি পূৰ্ণ টিকিৰাই গাঁও । সোৱণশিৰি নৈৰ পাৰৰ এইখন টিকিৰাই গাঁৱৰ বাসিন্দা সকলে বিগত চাৰি বছৰৰ পৰা পঞ্চাশ বিঘাৰো অধিক ভূমিত সংৰক্ষণ কৰি আহিছে ঝাওগছ । যাৰ ফলত এতিয়া এই খৰালি কালত অঞ্চলটো পৰিণত হৈছে এখন পবিত্ৰ অৰণ্যলৈ।নৱবৰ্ষ উপলক্ষে সোৱণশিৰি পাৰত বনভোজ খাবলৈ যোৱা লোক সকলেও উপভোগ কৰিছে এই ঝাওবনৰ সৌন্দৰ্য। এক সুবিশাল এলেকা জুৰি থকা এই ঝাওগছৰ তলতেই তেওঁলোকে বনভোজ খাই আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে ।ইফালে বনভোজৰ দলসমূহেও উক্ত স্থানত উপস্থিত হৈ গাঁওবাসীৰ এই প্ৰচেষ্টাক শলাগ লোৱাৰ লগতে প্ৰকৃতি প্ৰেমৰ অপূৰ্ব নিদৰ্শন ডাঙি ধৰা গাওঁখনৰ সচেতন মহলক ধন্যবাদ জ্ঞাপন কৰিছে। উল্লেখ্য যে দিবানা চাপৰি নামেৰে পৰিচিত টিকিৰাই গাঁৱৰ এই চাপৰিটোৰ মাটি একাংশ লোকৰ পত্তা মাটিৰ যদিও তেওঁলোকে ব্যক্তিগত কামত ব্যৱহাৰ নকৰি প্ৰকৃতিৰ নামত উৎসৰ্গা কৰিছে।তাৰোপৰি উল্লেখনীয় বিষয়টো হ’ল যে এই ঝাওগছ সমূহৰ বাবেই তেওঁলোকৰ অঞ্চলটোত নৈখনৰ খহনীয়াই ছত্ৰভংগ দিবলৈও এক প্ৰকাৰ বাধ্য হৈছে।যাৰ ফলত অঞ্চলটোত যথেষ্ট পৰিমাণে খহনীয়া প্ৰতিৰোধ হোৱাও পৰিলক্ষিত হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.