এই ৫ জন IAS বিষয়াই কিয় কৰিলে পদত্যাগ?

Share This Article

বহু কষ্ট, একাগ্ৰতাৰ শেষত কোনো ব্যক্তিয়ে IAS হোৱাৰ সফলতা লাভ কৰে। তাৰ পিছত স্থলাভিষিক্ত হয় উচ্চপদস্থ বিষয়া হিচাপে। কিন্তু গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষত চৰকাৰৰ ভূমিকা আৰু নীতিত অসন্তুষ্ট হৈ সেইসকল উচ্চপদস্থ বিষয়াই পদত্যাগ কৰিবলৈ বাধ্য হয়। তেনে অলেখ নজিৰ আছে দেশত। তাৰে ৫গৰাকী আই এ এছ বিষয়াৰ বিষয়ে পঢ়ক-

★ৰাণী নাগৰঃ হাৰিয়ানা কেডাৰৰ IAS বিষয়াগৰাকীয়ে ২০২০চনৰ ৪মে’ত পদত্যাগ কৰিছিল তেওঁৰ বিৰুদ্ধে কৰা চৰকাৰৰ আচৰণক লৈ। হাৰিয়ানাৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত উল্লেখ কৰিছে যে- চৰকাৰী কৰ্তব্যৰ সময়ত চৰকাৰে পৰ্যাপ্ত ব্যক্তিগত সুৰক্ষা প্ৰদান কৰা নাই। ৩৮ বছৰীয়া বিষয়াগৰাকী হাৰিয়ানাৰ সামাজিক সুৰক্ষা আৰু সৱলীকৰণ বিভাগৰ অতিৰিক্ত সঞ্চালক পদত কার্যনিবাহ কৰি আছিল৷ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে ৰাণী নাগৰৰ
পদত্যাগ পত্ৰ গ্ৰহন কৰিবলৈ অস্বীকাৰ কৰিছে৷

ৰাণী নাগৰ

★কন্নন গোপীনাথনঃ ২০১৯চনৰ ২৭ আগষ্টত পদত্যাগ কৰিছিল এইগৰাকী বিষয়াই। জম্মু কাশ্মীৰত ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ পিছত দীৰ্ঘদিনৰ বাবে দিয়া লক্ ডাউনৰ ফলশ্ৰুতিত জনতাৰ মৌলিক অধিকাৰ খৰ্ব কৰাৰ অভিযোগ আনিছিল গোপীনাথনে। পদত্যাগৰ কাৰণ হিচাপে তেওঁ কৈছিল যে যিসময়ত এখন ৰাজ্যত জনসাধাৰণৰ মৌলিক অধিকাৰ খৰ্ব হৈছে, তেনে সময়ত দেশৰ আন আন ৰাজ্য নিমাতে থকাটো তেওঁৰ বাবে কষ্টকৰ।

কন্নন গোপীনাথন

★এছ শশীকান্ত ছান্থিলঃ ২০১৯চনৰ ৬ ছেপ্টেম্বৰত পদত্যাগ কৰিছিল ছান্থিলে। পদত্যাগৰ কাৰণ হিচাপে তেওঁ কৈছিল যে লোকতন্ত্ৰত অভূতপূৰ্বভাৱে দমনমূলক স্থিতি গ্ৰহণ কৰিছিল চৰকাৰে। যাৰফলত ৰাইজৰ মৌলিক অধিকাৰ খৰ্ব হৈছিল আৰু সেয়ে নিজকে প্ৰশাসনিক কাৰ্যত জড়িত হৈ থকাটো অনৈতিক বুলিছিল IASবিষয়াগৰাকীয়ে।

এছ শশীকান্ত ছান্থিল

★হৰ্ষ মেণ্ডাৰঃ ২০০২ চনত গুজৰাটত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত ৰাজ্য চৰকাৰৰ নিৰ্লিপ্ত ভূমিকাত ক্ষুণ্ণ হৈ পদত্যাগ কৰিছিল এইজন বিষয়াই। পৰৱৰ্তী সময়ত তেওঁ নিজকে সামাজিক কামত নিয়োজন কৰিছিল।

হৰ্ষ মেণ্ডাৰ

★অৰুণা ৰায়ঃ ১৯৭৪চনত পদত্যাগ কৰিছিল এইগৰাকী IAS বিষয়াই। পদত্যাগৰ কেইটামান বছৰৰ পিছত এটা সাক্ষাৎকাৰত তেওঁ কৈছিল যে সকলো পৰিস্থিতিয়েই মানুহক কিঞ্চিৎ হ’লেও শিকায়। কিন্তু সেই অসামৰিক সেৱাই তেওঁক সেয়া শিকালে, যিবোৰ তেওঁ শিকিব বিচৰা নাছিল।

অৰুণা ৰায়

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.