সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ঋণ লৈ আৰু ঘী খোৱা চৰকাৰৰ কবলত অসম !

তাৰিখ পে তাৰিখ নহয়… ঋণৰ পাছত ঋণ! আকৌ ঋণ ল’ব অসম চৰকাৰে! ৬ জুনত পুনৰ এহেজাৰ কোটি টকাৰ ঋণ ল’বলৈ প্ৰস্তুতি চলাইছে চৰকাৰে!জুন মাহৰ ভিতৰত ৩ হাজাৰ কোটিৰ ঋণ ল’বলৈ সাজু হৈছে অসম চৰকাৰ!যদি সঁচাকৈয়ে জুন মাহৰ ভিতৰত এই তিনিহাজাৰ কোটি টকাৰ ঋণ অসম চৰকাৰে লয়, তেনেহ’লে এই ঋণৰ পৰিমাণ হ’বগৈ প্ৰায় ৪৫ হাজাৰ ৫০৮ কোটি টকা।বিত্তীয় বৰ্ষৰ প্ৰথম মাহ এপ্ৰিলত এহেজাৰ আৰু মে মাহত ৩ হেজাৰ কোটিৰ ঋণ ল’বলৈ সষ্টম অসম চৰকাৰ। কিন্তু কিহৰ বাবে বাৰে বাৰে এই বৃহৎ ঋণ? ৰিজাৰ্ভ বেংকৰ জৰিয়তে মুকলি বজাৰৰ পৰা ঋণ সংগ্ৰহ কৰিবলৈ এতিয়া নিতৌ নতুন নতুন পৰিকল্পনা কিয় গ্ৰহণ কৰিছে অসম চৰকাৰে। কিয়নো ৰাজকোষ উদংপ্ৰায় অৱস্থা। তেনে সময়ত নতুনকৈ নিযুক্ত হোৱা কৰ্মচাৰীবোৰক দা-দৰমহা কেনেকৈ দিব অসম চৰকাৰে? গতিকে ঋণ ল’বই অসম চৰকাৰে।এনেবোৰ অৱস্থাৰ মাজতে উচ্চ ন্যায়ালয় স্থানান্তৰৰ বাবে নতুন ভৱন নিৰ্মাণৰ বাবেও ব্যয় হ’বলগীয়া ধনৰ পৰিমাণ এনেবোৰ ঋণৰ পৰাই হয়তো খৰচ হ’ব। কিন্তু এনেকৈ আৰু কিমান দিন? চৰকাৰে যধে-মধে হিতাধিকাৰী সৃষ্টি কৰি কেৱল মানুহৰ মাজত আলোড়ন সৃষ্টি কৰি কেৱল ভোট বেংক সৃষ্টি কৰাৰ চলিছে প্ৰৱণতা। শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাৰ শান্তিৰ অসমত যিটো হাৰত ঋণৰ বোজা বাঢ়িছে সেয়া হৈ পৰিছে ভয়াৱহ। বিগত ২৬ মে’ত চৰকাৰে এহেজাৰ কোটিৰ ঋণ লৈছিল। আৰু এনেকৈ ঋনৰ পৰিমাণ বাঢ়ি বাঢ়ি হিমন্ত বিশ্ব শৰ্মাৰ তিনিছৰীয়া কাৰ্যকালত ভৰি দিয়াৰ সময়তে ঋণৰ পৰিমাণ বৃদ্ধি পালে ৪৫ হাজাৰ ৫০৮ কোটি টকা।২৬ মে’ৰ পূৰ্বে বিগত ৮ মে’ত অসম চৰকাৰে ঋণ লৈছিল এহেজাৰ কোটি টকা। পুনৰ ১৬ মে’ত আৰু ২৬ মে’ত এহেজাৰ কোটি টকাৰ ঋণ লৈছিল অসম চৰকাৰে। আৰু এনেকৈয়ে এতিয়া ওলাব নোৱাৰা চক্ৰবেহুত ক্ৰমাৎ সোমাই পৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। হিতাধিকাৰী আঁচনি সৃষ্টিৰে নিজৰ জয়গান গোৱা বিজেপি চৰকাৰে আকৌ ঋণ ল’ব। ৰাজকোষ উদং হৈ পৰা বিজেপি চৰকাৰে কেৱল ঋণৰ জৰিয়তেই গাইছে উন্নয়নৰ জয়গান। ইটোৰ পাছত সিটোকৈ হিতাধিকাৰী আঁচনি সৃষ্টি কৰি ৰাজকোষ খালী হৈ পৰিছে অসম চৰকাৰৰ। এতিয়া পুনৰ ঋণ ল’বলৈ সাজু হৈ উঠিছে শাসকীয় বিজেপি চৰকাৰ। ১০ মে’ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি সম্পূৰ্ণ হৈছে।সেই উপলক্ষে অহা ২৫ মে’ত আয়োজন কৰা হ’ব বৰ্ষপূৰ্তিৰ বিশাল অনুষ্ঠান। নিযুক্তি দিয়া হ’ব হাজাৰ-হাজাৰ কৰ্মচাৰীক।কিন্ত সেই অনুষ্ঠানৰ পূৰ্বে দুবাৰকৈ এহেজাৰ কোটি টকীয়া ঋণ ল’লে অসম চৰকাৰে। অৰ্থাৎ ৯ মে’ত মুকলি বজাৰৰ পৰা অসম চৰকাৰে ঋণ ল’লে ১০০০ কোটি টকাৰ । ১৬ মে’তো মুকলি বজাৰৰ পৰা ল’লে ১০০০ কোটি টকাৰ ঋণ। আকৌ এতিয়া অহা ২৬ মে’ত পুনৰ এহেজাৰ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে। কেৱল হিতাধিকাৰী ৰাজনীতিক অগ্ৰাধিকাৰ দিয়া চৰকাৰখনে এইবাৰ ৮৫২ কোটি টকা খৰচ কৰি নিৰ্মাণ কৰি উলিয়াইবলৈ লৈছে চাৰিলেনযুক্ত উৰণীয়া সেঁতু। কেৱল চমক আৰু মুখৰ কথাৰ ৰাজনীতিৰে অসম উদ্ধাৰ কৰিবলৈ আগবঢ়া অসম চৰকাৰে ঋণত ডিঙিলৈকে পোত গৈছে। আৰু ফলত জনমূৰি ৪০,৩৮৫ কোটি টকাৰ ঋণৰ বোজা বহন কৰিছে অসম চৰকাৰে। কেগৰ প্ৰতিবেদনত অসমত ঋণৰ বোজা ব্যাপক ভাৱে বৃদ্ধি পোৱাৰ কথা প্ৰকাশ পাইছে। আৰু এই বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি ৰাজহ ব্যয়ৰ তুলনাত উৎপাদনমূলক ব্যয় বৃদ্ধিৰ বাবে কঠোৰ পৰামৰ্শ দিছে কেগৰ প্ৰতিবেদনত। কিন্তু তাৰ পাছতো দিশপুৰত বহি থকা শাসকীয় চৰকাৰখনে ঋণ ল’বলৈ কুণ্ঠাবোধ কৰা নাই। হিতাধিকাৰী আঁচনি সমূহৰ জৰিয়তে বাঃ বাঃ ল’বলৈ বিজেপি চৰকাৰখনে ঋণ লৈয়েই আছে। ঋণৰ বোজা লৈয়েই দ্বিতীয় বৰ্ষপূৰ্তিৰ বাবে সাজু হৈছে বিজেপি চৰকাৰ। এইবাৰ এহেজাৰ কোটি টকাৰ ঋণ ল’লে অসম চৰকাৰৰ ঋণৰ পৰিমাণ হ’বগৈ ১ লাখ ৩৫ হাজাৰ ২৭৩ কোটি টকা। উল্লেখযোগ্য যে তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰখনে ১৫ বছৰীয়া শাসনকালত ৩৫,৬৯০ কোটি টকাৰ ধাৰৰ বোজা এৰি থৈ গৈছিল। কিন্তু ২০১৬-১৭ বর্ষত দিশপুৰ দখল কৰা বিজেপি চৰকাৰে ৭ বছৰীয়া কাৰ্যকালত অৰ্থাৎ ফেব্ৰুৱাৰী মাহলৈ ধাৰৰ বোজা হৈছিলগৈ ১ লাখ ৩২ হাজাৰ টকা পৰ্যন্ত। অৰ্থাৎ তৰুণ গগৈ চৰকাৰে এৰি যোৱা ৩৫,৬৯০ কোটি টকাৰ ধাৰৰ বোজাৰ উপৰিও সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ দিনত ধাৰৰ পৰিমাণ হ’লগৈ ডিঙিলৈকে পোত যোৱা। বিজেপি মিত্ৰজোঁট চৰকাৰে শাসনত বহাৰ দুটা বছৰৰ ভিতৰতে ঋণৰ পৰিমাণ হ’লগৈ ৪৫,৫০৮ কোটি টকা।

২০১৭-১৮ বৰ্ষত বিজেপি চৰকাৰে লোৱা ধাৰৰ পৰিমাণ ৪৯,২৭৪.৮৮ কোটি টকা
২০১৮-১৯ বৰ্ষত বিজেপি চৰকাৰে লোৱা ধাৰৰ পৰিমাণ ৫৯,৪২৫.৬১ কোটি টকা
২০১৯-২০ বৰ্ষত বিজেপি চৰকাৰে লোৱা ধাৰৰ পৰিমাণ ৭২,২৫৬.৫২ কোটি টকা
২০২০-২১ বৰ্ষত বিজেপি চৰকাৰৰ ধাৰৰ পৰিমাণ ৮৭,৪০৭.৭৯ কোটি টকা
২০২১-২২ বৰ্ষত বিজেপি চৰকাৰে লোৱা ধাৰৰ পৰিমাণ হয়গৈ ১,০৭,০০০ কোটি টকা
২০২২-২৩ বৰ্ষৰ ফেব্ৰুৱাৰী মাহলৈ বিজেপি চৰকাৰৰ ধাৰৰ পৰিমাণ ১ লাখ ৩২ হাজাৰ কোটি টকা ।
এইখিনিতে উল্লেখ কৰিব লাগিব যে সৰ্বানন্দ সোনোৱালৰ পাছত মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰা দ্ৰুতগতিত বৃদ্ধি পাইছে ধাৰৰ বোজা। বিশেষকৈ সোণোৱাল চৰকাৰৰ কাৰ্যকালতকৈ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত ঋণৰ পৰিমাণ ভয়াবহ ৰূপত বাঢ়িছে। এতিয়া যদি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পুনৰ এহেজাৰ কোটিৰ ঋণ লয়, তেনেহ’লে এই ঋণৰ পৰিমাণে বিপদত পেলাব অসম চৰকাৰক। চৰকাৰখনে বিগত সময়ছোৱাত লোৱা ঋণৰ ফলত সূতৰ বোজাও বাঢ়িছে ভয়াৱহৰূপত। এই ভয়াবহ সময়তে আন এক ভয়াবহ খবৰ হৈছে যে অসম চৰকাৰখনে যোৱা ৭ বছৰে হাজাৰ-হাজাৰ কোটি টকা সূতত দি আছে যদিও ধাৰৰ মূল ধনৰ এটকাও পৰিশোধ কৰা নাই। আৰু যদি পৰিবেশ এনেকৈয়ে থাকিবলৈ হয় তেনেহ’লে বিপদ নিশ্চিত। আৰু এনেকৈয়ে এক ভয়াৱহ চক্ৰবেহুৰ মাজত সোমাই পৰিছে দিশপুৰ।

- Donation -

Leave A Reply

Your email address will not be published.