ঋণতো ৰেহাই নহ’লেই,মুখ্যমন্ত্ৰীৰ সাক্ষাতো নাপায় জালুকবাৰীৰ মহিলাই

মুখ্যমন্ত্ৰীক বিচাৰি দিছপুৰ পালেহি এদল মহিলা। মাইক্ৰফাইনেঞ্চৰ ঋণ ৰেহাইৰ নামত চৰকাৰে ৰামঠগন দিয়াৰ অভিযোগ মহিলাৰ।অসাৰ হ’ল মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি , মাইক্ৰফাইনেঞ্চৰ ঋণ ৰেহাইৰ নামত বঞ্চনা মহিলাক ।
নিৰ্বাচনত জয়ী হৈ মহিলাৰ দুৰ্দশাৰ কথা পাহৰিলে মুখ্যমন্ত্ৰীয়ে । মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ ৰেহাই আছিল বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ।মাইক্ৰ’ফাইনেন্সৰ মকৰা জালৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ৰাজ্যৰ মহিলা সকলে ভোট দিছিল বিজেপিক । কিন্তু সঁচাকৈয়ে মাইক্ৰ’ ফাইনেন্সৰ ঋণৰ পৰা মুক্ত হ’ব পাৰিছে নে মহিলাসকল ? অন্ততঃ ছবিয়ে মিছা কথা নকয় । মঙলবাৰে মুখ্যমন্ত্ৰীক বিচাৰি দিছপুৰ পালেহি এইসকল মহিলা। মাইক্ৰ’ফাইনেঞ্চৰ ফুটা কঢ়ি এটাও ঋণ মাফ নহল তেওঁলোকৰ । চৰকাৰলৈ অপেক্ষা কৰি এতিয়া ঋণৰ বোজা দিনক দিনে বৃদ্ধিহে পাইছে তেওঁলোকৰ । বৃদ্ধি পাইছে এজেন্টৰ হাৰাশাস্তিও।মুখ্যমন্ত্ৰীক বিচাৰি আহিলেও মুখ্যমন্ত্ৰীৰ সাক্ষাৎ নাপায় তেওঁলোকে । আনকি মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়েও নকৰিলে সাক্ষাৎ । কেৱল জালুকবাৰী সমষ্টিৰ ভোটাৰক গুৰুত্ব দিয়াৰ অভিযোগ ভুক্তভোগী মহিলাসকলৰ ।কেৱল এয়াই নহয় , অৰুণোদয় আঁচনিয়েও ঢুকি পোৱা নাই তেওঁলোকক । মুঠতে নিৰ্বাচনত জয়ী হ’লেও হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী গীতৰ দৰে তেওঁলোকৰ বাবে কোনো সুখৰ বতৰা লৈ অহা নাই মুখ্যমন্ত্ৰীয়ে । বিপৰীতে বৃদ্ধি পালে দুখ দুৰ্দশা আৰু আতিশয্য ।এয়াই হ’ল বিজেপিৰ ‘আচ্ছে দিন’ । এয়াই হ’ল মাইক্ৰফাইনেঞ্চৰ ঋণ ৰেহাই আঁচনিৰ প্ৰকৃত স্বৰূপ । ডাঙৰ ডাঙৰ হৰফত কাকতত দিয়া বিজ্ঞাপনৰ আঁৰৰ দৃশ্য । নিৰ্বাচনত পাৱে পৰি হৰি আৰু নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰীৰ বিষয়ায়াকো সাক্ষাৎ নাপায় সাধাৰণ ভোটাৰে । ফলত এইদৰে এতিয়া দিছপুৰলৈ তাত বাটি কঢ়িয়াব লগা হৈছে এই সকল মহিলাই ।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296