সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

উজ্জ্বল উজলিল ‘আইৰণ মেন’ হিচাপে

শিৱসাগৰৰ খেলুৱৈৰ আন্তঃৰাষ্ট্ৰীয় খিতাপ অৰ্জন।আইৰণ মেন খিতাপ অৰ্জন শিৱসাগৰৰ উজ্বল বৰুৱাৰ।অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ভতিজা উজ্বল বৰুৱাই লাভ কৰে এই খিতাপ।অলপতে মেক্সিকোত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি আইৰণ মেন খিতাপ অৰ্জন কৰে শিৱসাগৰৰ সু-সন্তান উজ্বল বৰুৱাই।জন্মসুত্ৰে শিৱসাগৰৰ যদিও বৰ্তমান তেওঁ কেলেফৰ্ণিয়াৰ বাসিন্দা।নিজৰ ভতিজাকৰ সাফল্যত উৎফুল্লিত এছিয়ান গেমচত ৮০০ মিটাৰ দৌৰত সোণৰ পদক বিজয়ী অৰ্জুন ভোগেশ্বৰ বৰুৱা।নিজৰ ভতিজাকক খেলুৱৈ হিচাপে গঢ় দিবলৈ কি কি পৰামৰ্শ আগবঢ়াইছিল বা কেনে দৰে উৎসাহিত কৰিছিল সেই কথা ব্যক্ত কৰে দ্য ক্ৰছ কাৰেন্টৰ আগত।ভোগেশ্বৰ বৰুৱাই কয় ‘জীৱনত একো কামেই নোৱাৰিম বুলি ভাবিব নালাগে।মই যেনেকৈ জীৱনত একো কথাই না কৰি পোৱা নাই,মই তাকো না নকৰিবলৈ কৈছোঁ।’

Leave A Reply

Your email address will not be published.