উখল মাখল বড়োলেণ্ড পথাৰ ওদালগুৰিৰ ৰৌতাত আজিৰে পৰা আৰম্ভ এবছুৰ ৫৫ সংখ্যক অধিবেশন।

Share This Article

ওদালগুৰিৰ ৰৌতাৰ বড়োলেণ্ড পথাৰত আজিৰে পৰা আৰম্ভ হয় নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৫ সংখ্যক বাৰ্ষিক অধিবেশন। এক হেজাৰ বিঘা ভূমি সামৰি মূল পেন্দেলৰ লগতে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে ।৩০ খন জিলাৰ পাঁচ হেজাৰ এবছু প্ৰতিনিধিৰ লগতে এক লাখৰ অধিক লোকক আদৰিবলৈ সাজু হৈছে আদৰণি সমিতি।মুখ্য তোৰণ মুকলিৰে আজি প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হয়। দিনৰ ভাগত বিভিন্ন কাৰ্যসূচীৰ পিছত সন্ধিয়া বড়ো শান্তি চুক্তিৰ তিনি বছৰীয়া বৰ্ষপূৰ্তি উদযাপন কৰা হ’ব এই অধিবেশন স্থলীতে।উল্লেখযোগ্য যে বড়ো শান্তি চুক্তি যিহেতু তিনি বছৰ সম্পূৰ্ণ হ’ল,আনহাতে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে বড়ো শান্তি চুক্তি অনুসৰি বি টি আৰৰ সীমা সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিলে ,সেইফালৰ পৰা এবছুৰ এই অধিবেশন খন অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.