Investigative reporting with dedication.

উদুলি মুদুলি ডম্বৰুধৰ দেউৰী ক্ষেত্ৰ। আজিৰে পৰা তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৩৫ সংখ্যক দেউৰী সাহিত্য সভাৰ অধিবেশন। অধিবেশন উপলক্ষে প্ৰকাশ পাব ২৩ খনকৈ গ্ৰন্থ, আলোচনা চক্ৰ, সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভা, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হ’ব। অন্তিম দিনাৰ মুকলি সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। কাইলৈ প্ৰতিনিধি আৰু বিষয়বাচনি সভাত দেউৰী সাহিত্য সভাৰ নতুন সমিতি নিৰ্বাচিত হব।শুকুৰবাৰে এক সংবাদমেলত এই কথা সদৰী কৰে দেউৰী সাহিত্য সভাৰ নেতৃত্বই।




