Investigative reporting with dedication.

২০২০ চনত ভাৰতে ক্ৰয় কৰিলে ৩৪০ কোটি ডলাৰৰ অস্ত্ৰ। কাৰ্যকালৰ অন্তিমটো বছৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতক বিক্ৰী কৰিলে অস্ত্ৰ। আমেৰিকাৰ প্ৰতিৰক্ষা সুৰক্ষা সহযোগিতা এজেন্সীয়ে প্ৰকাশ কৰা অনুসৰি আমেৰিকাৰ পৰা ভাৰতে অস্ত্ৰ ক্ৰয়ত খৰছ কৰা ধনৰ পৰিমাণ ২০১৯ চনত ৬২ লাখ ডলাৰৰ পৰা ২০২০ চনত ৩৪০ কোটি ডলাৰলৈ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে ভাৰতে আমেৰিকাৰ পৰা ২০১৭ চনত ৭৫.৪৪ কোটি ডলাৰ, ২০১৮ চনত ২৮.২ কোটি ডলাৰৰ অস্ত্ৰ কিনিছিল। ১৯৫০ চনৰ পৰা ২০২০ চনৰ ভিতৰত ভাৰতে আমেৰিকাৰ পৰা ফৰেইন মিলিটেৰী চেলছৰ অধীনত মুঠ ১,২০০ কোটি ডলাৰৰ অস্ত্ৰ ক্ৰয় কৰিছে। উল্লেখ্য যে ২০২০ বৰ্ষত ভাৰতক অধিক পৰিমাণৰ অস্ত্ৰ বিক্ৰী কৰিলেও আমেৰিকাৰ অস্ত্ৰৰ বজাৰ বেয়া।



