আমগুৰিক বিলুপ্ত হ’বলৈ নিদিয়ে কৃষক মুক্তিয়ে

Share This Article

সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু বিলুপ্তকৰণৰ বিৰুদ্ধে সৰৱ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি।আমগুৰিত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ বিভিন্ন দল সংগঠনৰ।১০৩ নং আমগুৰি বিধান সভা সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আমগুৰি কংগ্ৰেছ, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ লগতে আমগুৰিবাসী ৰাইজে।আমগুৰি বিধান সভা সমষ্টি বিলুপ্তিকৰণ তথা আমগুৰিক মহকুমা ঘোষণাৰ দাবী তোলে প্ৰতিবাদকাৰী সকলে।ধৰ্মঘট কাৰ্যসূচীত এসময়ৰ বিষ্ণু ৰাভাৰ দেহৰক্ষী তথা কমৰেড পূৰ্ণানন্দ গগৈ আৰু ১০৭ বছৰীয়া বৃদ্ধ টেপুৰাম শইকীয়াই অংশ গ্ৰহণ কৰে।আমগুৰি সমষ্টি বিলুপ্তিকৰণৰ চৰকাৰৰ সিদ্ধান্তত নীৰৱ হৈ থকা বৰ্তমানৰ বিধায়ক প্ৰদীপ হাজৰিকাক তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে।ধৰ্মঘটকাৰী সকলে আমগুৰি খণ্ড উন্নয়ন বিষয়াৰ জড়িয়তে মুখ্য নিৰ্বাচনী আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.