সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আজি ১০ মে’ৰ দিনটোত পানীপথ আৰু নেলচন মেণ্ডেলাৰ জীৱনত কি ঘটিল?

ইতিহাসত প্ৰতিটো দিনৰে থাকে পৃথক বৈশিষ্ট্য৷ কিন্তু আজি ১০ মে’ৰ দিনটো বছৰৰ আন দিন বিলাকতকৈ বহু পৃথক৷ আজিৰ এই দিনটোতে আৰম্ভ হৈছিল পৰাধীনতা আৰু স্বাধীনতাৰ দুখন পৃথক সংগ্ৰাম৷ জানি লওঁ আহক বিশেষ ঘটনা কেইটাৰ বিষয়ে-
১৫০৩: কলম্বাছে খোজ দিলে কায়মান দ্বীপত৷
১৫২৬: আজিৰ এই দিনটোতে পানীপথৰ যুদ্ধত জয়লাভ কৰি তেতিয়াৰ ভাৰতৰ ৰাজধানী আগ্ৰা দখল কৰিছিল মোগলে৷ তেতিয়াৰ পৰাই ভাৰতৰ ইতিহাস আৰু ভুগোল সলনি হৈ গ’ল৷

পানীপথৰ প্ৰতিনিধিত্বমূলক ছবি

১৮৫৭:ইংৰাজ শাসনৰ বিৰুদ্ধে প্ৰথম স্বাধীনতা যুজঁৰ আৰম্ভনি৷ মীৰাটত তিনিটা ৰেজিমেন্টৰ চিপাহীয়ে বৃটিছৰ বিৰুদ্ধে আৰম্ভ কৰে চিপাহী বিদ্ৰোহ৷

১৯৯৩: সন্তোষ যাদৱে এভাৰেষ্টত আৰোহন কৰে৷ এভাৰেষ্ট জয় কৰা তেওঁ প্ৰথম মহিলা পৰ্বতাৰোহী৷
১৯৯৪: নেলচন মেণ্ডেলাই দক্ষিন আফ্ৰিকাৰ প্ৰথমগৰাকী কৃষ্ণাংগ ৰাষ্ট্ৰপতি হিচাপে শপত ল’লে৷ তেওঁ আছিল মহাত্মা গান্ধীৰ আদৰ্শেৰে অনুপ্ৰানিত৷

নেলচন মেণ্ডেলা

- Donation -

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.